মৰাণ, 24 আগষ্ট: আফগানিস্তানৰ শাসনৰ জৰী দখল কৰা তালিবানক(Taliban) সমৰ্থন কৰা অসমৰ যিকোনো লোকৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী(Assam Police) ৷ তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যমত প’ষ্ট কৰা লোকৰ ওপৰতো দৃষ্টি ৰাখিব আৰক্ষীয়ে ৷ এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ(Bhaskarjyoti Mahanta) ৷
ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ লগতে এইবাৰ তালিবানী সমৰ্থকৰ বিৰুদ্ধে সতৰ্ক হৈ পৰিছে আৰক্ষী ৷ আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিবলৈ সোমবাৰে সোণাৰিত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ।
বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, শতবৰ্ষ গৰকা ঐতিহাসিক সোণাৰি আৰক্ষী থানাও সংৰক্ষণ কৰা হ’ব । 1947 চনৰ পূৰ্বৰ আৰক্ষী থানাৰ নথি-পত্ৰসমূহ ডিজিটেলাইজ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ।