মৰাণ,4 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ ৰাইজক ভোটদানৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনে SVEEP চেলৰ অধীনত জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাটৰ লগতে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ জিলা প্ৰশাসনে জিলাখনৰ প্ৰত্যেকটো সমষ্টিতে ভোটাৰ ৰাইজক আগন্তুক বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই বাটৰ নাট প্ৰদৰ্শন কৰে ৷
ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰাণত বাটৰ নাট - ১১৫ নং মৰাণ বিধানসভা সমষ্টি
ডিব্ৰুগড় জিলা প্ৰশাসনে SVEEP চেলৰ অধীনত জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাটৰ লগতে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰি ভোটাৰ ৰাইজক ভোটদানৰ প্ৰতি সজাগ আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷
![ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰাণত বাটৰ নাট ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰাণত বাটৰ নাট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10873156-870-10873156-1614870925791.jpg)
ভোটাৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰাণত বাটৰ নাট
বৃহস্পতিবাৰে জিলাখনৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত বাটৰ নাটৰ দ্বাৰাই ভোটাৰ ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভোটদানৰ প্ৰতি সজাগ কৰি তোলে। এই অনুষ্ঠানত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাই অংশ গ্ৰহন কৰি সমষ্টিটোৰ ভোটাৰক নিজৰ বিবেকেৰে ভোটদান কৰিবলৈ আহ্বান জনায়।