টিংখাং,১০ ফেব্ৰুৱাৰী:নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এতিয়া নিজ নিজ সমষ্টিত ব্য়স্ত হৈ পৰিছে বিধায়কসকল । ৰাইজক আকৰ্ষণ কৰিবলৈ সমষ্টিৰ বিভিন্ন উন্নয়নমূূলক আঁচনিৰ কাম আৰম্ভ কৰিছে বিধায়ক সকলৰ লগতে নেতাসকলে । অনুৰূপ দৃশ্য় দেখা গ'ল ডিব্ৰুগড় জিলাৰ টিংখাঙত । বুধবাৰে টিংখাঙৰ লেঙেৰীত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কামৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিমল বৰাৰ সহধৰ্মিনী গৌৰী বৰাই ।
টিংখাঙত ষ্ট্ৰিট লাইট সংস্থাপন কামৰ শুভাৰম্ভ - টিংখাঙত ষ্ট্ৰিট লাইট সংস্থাপন কামৰ শুভাৰম্ভ
টিংখাঙৰ লেঙেৰীত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কামৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিমল বৰাৰ সহধৰ্মিনী গৌৰী বৰাই । প্ৰথম পৰ্যায়ত টিংখাং সমষ্টিৰ অন্তৰ্গত নাচনী গাওঁ পঞ্চায়ত আৰু লেঙেৰী গাওঁ পঞ্চায়তত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কাম কৰা হ'ব ।
টিংখাঙত ষ্ট্ৰিট লাইট সংস্থাপন কামৰ শুভাৰম্ভ
টিংখাং সমষ্টিৰ অন্তৰ্গত নাচনী গাওঁ পঞ্চায়ত আৰু লেঙেৰী গাওঁ পঞ্চায়তত প্ৰথম পৰ্যায়ত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কামৰ শুভাৰম্ভ কৰা হয় । উক্ত কাৰ্যসূচীত টিংখাং ৰাজহ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া, জিলা পৰিষদৰ সদস্যা গীতা সৰপাল, লেঙেৰী মণ্ডলৰ সভাপতি প্ৰদ্যুৎ দত্ত, সম্পাদক খেমন গগৈ লগতে বৰবাম পঞ্চায়তৰ সভাপতি সাৰংগ বকলিয়াল উপস্থিত থাকে ।
লগতে পঢ়ক:অপহৃত কুইপ'ৰ দুই বিষয়াকলৈ ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য