মৰাণ, 3 এপ্ৰিল: প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে ডিব্ৰুগড়ৰ ভিন্ন অঞ্চল৷ দেওবাৰে প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল ডিব্ৰুগড় চহৰৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চল (Heavy rain and hailstorm at Dibrugarh)৷ দেওবাৰে বিয়লি অহা ধুমুহা-বতাহত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বহু ক্ষয়-ক্ষতি হোৱা দেখা যায় ৷
নিশাৰ ভাগত অহা এজাক ধুমুহাৰ ফলত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতি । জিলাখনৰ দাঁতি কাষৰীয়া ৰহমৰীয়া, লেজাই-কলাখোৱা, জকাই আদি অঞ্চলত ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতি সাধন হয় ৷ ডিব্ৰুগড় চহৰৰ তুলসী গাঁৱৰ সন্মুখত উভালি পৰে প্ৰকাণ্ড গছ যাৰ ফলত ওৰে নিশা বন্ধ হৈ পৰে অতি ব্যস্ত মানকটা পথ (Heavy rain and hailstorm in Dibrugarh) ৷
ইয়াৰ সমান্তৰাল ভাৱে আবেলিৰে পৰা হোৱা প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত (Heavy rain and hailstorm at Khowang) ৷ প্ৰৱল শিলাবৃষ্টিয়ে খোৱাঙৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে । প্ৰায় আধাঘণ্টা ধৰি দিয়া শিলাবৃষ্টিয়ে খোৱাঙৰ বাঁহনি পথাৰ, বাঘতলী পথাৰ, বোকাহোলা, হালধিবাৰীকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱত বহু লোকৰ টিনপাত নষ্ট হৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ । বহু পৰিয়ালৰ ধানৰ ভঁৰাল ক্ষতিসাধন হোৱাত ধান সমূহ তিতি নষ্ট হোৱাৰ আশংকাই দেখা দিছে (Hailstorm in Dibrugarh)।