মৰাণ, 5 মাৰ্চ :চলিত মাহৰ ২৭ তাৰিখৰ পৰা ১ আৰু ৬ এপ্ৰিলত ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ২০২১ৰ বিধানসভা নিৰ্বাচন। ক'ভিড প্ৰটকল মানি ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। নিৰ্বাচনত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ কাৰ্যসূচী।ইয়াৰ অংশ হিচাপে শুকুৰবাৰে নাহৰকটীয়াত ভোটাৰ ৰাইজক সজাগ কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় বাটৰ নাট।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত নাহৰকটীয়াত বাটৰ নাট প্ৰদৰ্শন - প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
শুকুৰবাৰে নাহৰকটীয়াত ভোটাৰ ৰাইজক সজাগ কৰি তোলাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত প্ৰদৰ্শন কৰা হয় বাটৰ নাট। বিভিন্ন গ্ৰামাঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰি ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনায় জিলা প্ৰশাসনে।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত নাহৰকটীয়াত বাটৰ নাট প্ৰদৰ্শন
নাহৰকটীয়া সাপ্তাহিক বজাৰ তিনিআলি,ডেইলী বজাৰ আৰু মৰাণ তিনিআলিৰ ওপৰিও বিভিন্ন গ্ৰামাঞ্চলত বাটৰ নাট প্ৰদৰ্শন কৰি ২৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।উল্লেখ্য যে,এই বাটৰ নাট কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া ৱাহিদুল ৰহমানে।