অসম

assam

ETV Bharat / state

State Cabinet Meeting: আজি ডিব্ৰুগড়ত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট - ডিব্ৰুগড়ত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট

আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠক (State Cabinet will held today in Dibrugarh)৷ ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগা এই বৈঠকত ডিব্ৰুগড়বাসীৰ বাবে উন্নয়নমূলক বহুকেইটা ভাল খবৰ ঘোষণাৰ আশা কৰিছে জিলাবাসীয়ে ৷

State Cabinet will held today in Dibrugarh
আজি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

By

Published : Jan 30, 2023, 9:00 AM IST

আজি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

মৰাণ, 30 জানুৱাৰী: "ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, চৰকাৰখনক ৰাইজৰ মাজলৈ লৈ যাবলৈ প্ৰত্যেক মাহত ৰাজধানীৰ বাহিৰত এখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব ৷ আৰু ইয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হৈ অহা পৰিলক্ষিত হৈছে ৷ কেবিনেট বৈঠক আয়োজন কৰি চৰকাৰৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণৰ এটা গতানুগতিক প্ৰক্ৰিয়া যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰৰ বৈঠকত ডিব্ৰুগড়বাসীৰ বাবে নিশ্চয়কৈ ভাল খবৰ ঘোষণা কৰিব বুলি আশাৰে বাট চাইছে জিলাবাসীয়ে ৷

মন কৰিব লগীয়া যে, ৰাজধানীৰ বাহিৰৰ যি স্থানত কেবিনেট আয়োজন কৰা হয়, সেই স্থানৰ উন্নয়নৰ কাৰণে চৰকাৰে বহুকেইটা উন্নয়নমূলক আঁচনি ঘোষণা কৰে ৷ অৱশ্যে ডিব্ৰুগড়ত ইতিমধ্যেই কেইবাটাও উন্নয়নমূলক কাম সম্পন্ন হৈছে ৷" আজি অনুষ্ঠিত হ’বগলীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বেঠকৰ এদিন পূৰ্বে ডিব্ৰুগড়ত উপস্থিত হৈ এই মন্তব্য কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা মন্ত্রী পীযুষ হাজৰীকাই (Minister Piyush Hazarika on State Cabinet Meeting) ৷

আজি অৰ্থাৎ সোমবাৰ 30 জানুৱাৰীত ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ আন এখন কেবিনেট বৈঠক (State Cabinet will held today in Dibrugarh) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)সভাপতিত্বত দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠকখন । ডিব্ৰুগড় জিলাত প্ৰথমবাৰৰ বাবে এই বৈঠক অনুষ্ঠিত হ’ব ৷ এদিনৰ বাবে মন্ত্ৰী আমোলাৰে আন এখন দিছপুৰলৈ পৰিণত হ’ব ডিব্ৰুগড় চহৰখন ৷ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগা এই কেবিনেট বৈঠকত চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ লগতে ৰাজ্যবাসীৰ বাবে কেইবাটাও নতুন পৰিকল্পনাও ঘোষণা কৰিব মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷

ইতিমধ্যে ৰাজ্যিক কেবিনেট বৈঠকৰ বাবে নিৰাপত্তাকে আদি কৰি সকলো কাম সম্পূৰ্ণ কৰি তুলিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । উল্লেখযোগ্য যে আজি দিনৰ ১১:৩০ বজাৰ পৰা ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত কেবিনেট বৈঠকখনত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । কেবিনেট বৈঠকৰ পাছতেই এখন সংবাদমেলো সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ-নিৰ্মিত ফুট অভাৰব্ৰীজখনৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ বৈৰাগীমথত টাই এডুকেশ্যন এণ্ড কালচাৰেল চেন্টাৰৰো শুভ উদ্বোধন কৰিব। লগতে মাইজানত জলসম্পদ বিভাগৰ এটা অতিথিশালা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে পঢ়ক:Jeli kayi at Border Festival : জেলী কায়ি তানিমৰ কণ্ঠই জীপাল কৰিলে সীমান্ত উৎসৱস্থলী

ABOUT THE AUTHOR

...view details