মৰাণ,৯ জুলাই :ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত অনুষ্ঠিত হৈছে অসম প্ৰদেশ বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। দিনজোৰা এই সভাক লৈ দলৰ নেতা-কৰ্মীৰ মাজত বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব । ইতিমধ্যে সভালৈ ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলৰ আগমন হৈছে ।
সভাৰ বাবে ডিব্ৰুগড়ৰ বিজেপি নেতা-কৰ্মীসকলৰো বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । বিজেপিৰ বিষয়ববীয়াৰ সভাখনক লৈ একপ্ৰকাৰ গেৰুৱাময় হৈ পৰিছে চহৰখনৰ মূল বাট-পথ । দিল্লীৰ পৰা বাহিৰে বাহিৰে আহি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে উপস্থিত হৈছে ডিব্ৰুগড়ত ।