ডিব্ৰুগড়, মৰাণ 23 ডিচেম্বৰঃ সোমবাৰে ডিব্ৰুগড়ত লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠিনক সম্পাদক শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰে ৷ গুৱাহাটীৰ পৰা অহা এটা বিশেষ দলে শৃংখল চলিহাক আটক কৰে ৷ অভিযোগ অনুসৰি শৃংখল চলিহাক কৌশলগতভাৱে আটক কৰা হৈছে ৷ জানিব পৰা মতে ডিব্ৰুগড়ৰ চুকাফ তিনিআলিৰ সমিপত এক সভাত অংশ গ্ৰহণ কৰি চলিহাই সতীৰ্থৰ সৈতে পুনৰ তিলৈৰ আন এখন সভাৰ দিশে বাহনত গৈ থকা অৱস্থাত আৰক্ষী আৰু চিআৰপিএফৰ প্ৰায় 50 জনীয়া দল এটাই শৃংখলক বাহনৰ পৰা নমাই আৰক্ষীৰ এখন বলেৰ'ত তুলি লৈ যায়। বীৰ লাচিত সেনাৰ সদস্য সকলৰ অভিযোগ অনুসৰি আৰক্ষীয়ে শৃংখলৰ লগত থকা সতীৰ্থ সকলক প্ৰথমে আটক কৰি লেপেটকতা আৰক্ষী চকিলৈ লৈ যোৱাৰ বিপৰীতে হাতত থকা মোবাইল সমূহো কাঢ়ি লয় ৷ আৰু ইয়াৰ পাচতে ক্ষোভিত হৈ পৰিছে বীৰ লাচিত সেনা ৷ উল্লেখ্য যে, শৃংখল চলিহাক আটক কৰাৰ পাচতেই চলিহাৰ মুক্তিৰ দাবীত ৰাজ্যৰ ঠায়ে-ঠায়ে প্ৰতিবাদ হোৱা দেখা গৈছে ৷
ডিব্ৰুগড়ত আটক শৃংখল চলিহাঃ মুক্তিৰ দাবীত ঠায়ে-ঠায়ে প্ৰতিবাদ - কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা
সোমবাৰে ডিব্ৰুগড় বৰবৰুৱাত লাচিত সেনাৰ উদ্যোগত CAA বিৰোধী এক গণ সমাৱেশ অনুষ্ঠিত হৈছিল৷গণ সমাৱেশৰ অন্তত সমাৱেশত অংশগ্ৰহন কৰিবলৈ অহা লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক গুৱাহাটীৰ পৰা অহা এটা বিশেষ দলে আটক কৰে৷ বীৰ লাচিত সেনাৰ সদস্যৰ অভিযোগ অনুসৰি শৃংখল চলিহাক কৌশলগতভাৱে আটক কৰা হৈছে৷
ডিব্ৰুগড় বৰবৰুৱাত সোমবাৰে লাচিত সেনাৰ উদ্যোগত CAA বিৰোধী এক গণ সমাৱেশ অনুষ্ঠিত হৈছিল । বৰবৰুৱা পূজা খেলপথাৰত শান্তিপুৰ্ণভাৱে অনুস্থিত হোৱা গণ সমাৱেশৰ অন্তত সমাৱেশত অংশগ্ৰহন কৰিবলৈ অহা লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ লগতে সংগঠনৰ আন একাংশ সদস্যক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ বিৰোধিতাৰে বীৰ লাচিত সেনা তিলৈ আঞ্চলিক সমিতিয়ে বিয়লি 5.30 বজাৰ পৰা 1 ঘন্টা তিলৈ নগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে শেহতীয়া খবৰ অনুসৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ গুৱাহাটীৰ এটা গোচৰত তেওঁক আটক কৰা হৈছে আৰু তেওঁক গুৱাহাটীলৈ পঠিওৱা হ'ব ৷ গুৱাহাটীৰ আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিবনে নকৰে সেই বিষয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক অৱগত নহয় ।
লগতে পঢ়ক - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংকল্প সমাৰোহ