অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ক্ৰীড়া সামগ্ৰী বিতৰণ - ডিব্ৰুগড় জিলা প্ৰশাসন

ডিব্ৰুগড়ত গভনৰ্চ গাৰ্লচ ভলীবল মিছনৰ অধীনত ক্ৰীড়া সামগ্ৰী বিতৰণ । জিলাখনৰ মুঠ ২০১ খন প্ৰদেশীকৃত বিদ্যালয়ৰ প্ৰতিখনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান ।

ৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ অধীনত ডিব্ৰুগড়ত ক্ৰীড়া সামগ্ৰী বিতৰণ
ৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ অধীনত ডিব্ৰুগড়ত ক্ৰীড়া সামগ্ৰী বিতৰণ

By

Published : Feb 26, 2021, 12:40 PM IST

মৰাণ, ২৬ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ সহযোগত ক্ৰীড়া সামগ্ৰী বিতৰণ উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় । উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন । 'গভৰনৰ্চ গাৰ্লচ ভলীবল মিছনৰ' অধীনত সভাখন অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড় জিলাৰ মুঠ ২০১ খন প্ৰদেশীকৃত বিদ্যালয়ৰ প্ৰতিখনত দুটাকৈ ভলীবল আৰু নেট প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

ৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ অধীনত ডিব্ৰুগড়ত ক্ৰীড়া সামগ্ৰী বিতৰণ

এই সভাত বকপাৰা মধ্য ইংৰাজী বিদ্যালয়, মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়, কলাখোৱা মিৰিপথাৰ হাইস্কুল, বকুল হাইস্কুল আৰু গ্ৰাহাম বজাৰ গাৰ্লচ হাইস্কুলৰ প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়ত্ৰীক ক্ৰীড়া সামগ্ৰীখিনি বিতৰণ কৰা হয় । আন বিদ্যালয়সমূহক ডিব্ৰুগড়ৰ মাাল্টিপাৰপাচ্ ইণ্ডোৰ ষ্টেডিয়ামত ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণ কৰা হয় ।

বৃহস্পতিবাৰৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত (শিক্ষা) নন্দিতা বৰুৱা, সহকাৰী আয়ুক্ত জয় শিৱানী, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় উপস্থিত আছিল ।

লগতে পঢ়ক:গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details