অসম

assam

By

Published : Dec 3, 2020, 5:53 PM IST

ETV Bharat / state

গেলা-দিচাং গাঁৱত বৈছে ভক্তিৰ নিজৰা

শাৰী-শাৰী মাটিৰ চাকিৰ পোহৰত উজ্বলি উঠিছে গেলা-দিচাং গাঁও । যুৱ চামৰ উদ্যোগত নামঘৰত চলিছে নাম-প্ৰসংগ ৷ জ্যেষ্ঠ- কণিষ্ঠৰ মহামিলনত এনেদৰেই ভক্তি ৰসত জীপাল হৈ পৰে গাঁৱৰ পৰিবেশ ।

spiritual environment
spiritual environment

টিংখং, 3 ডিচেম্বৰ : আঘোণ মাহত এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে টিংখঙত ৷ যুৱ চামৰ উদ্যোগত নামঘৰত চলিছে নাম-প্ৰসংগ ৷ শাৰী-শাৰী মাটিৰ চাকিৰ পোহৰত উজ্বলি উঠিছে গেলা-দিচাং গাঁও । কৃষিপ্ৰধান গাঁওখনৰ নতুন প্ৰজন্মই সমাজৰ বাবে দেখুৱাইছে আদৰ্শ । যি সময়ত আজিৰ যুৱ সমাজে আধ্যাত্মিক চিন্তা- চেতনা পৰিহাৰ কৰি এক উশৃ্ংখল জীৱন যাপন কৰা বুলি সততে অভিযোগ উত্থাপিত হয়, তেনে সময়তে গেলা-দিচাং গাঁৱৰ যুৱক সকলে বিগত কেইবাবছৰৰ ধৰি অঞ্চলটোত আধ্যাত্মিক দিশত গুৰি বঠা ধৰি আহিছে ।

গেলা-দিচাং গাঁৱত বৈছে ভক্তিৰ নিজৰা

কৃষি, ব্যৱসায় আদিৰ ব্যস্ততাৰ মাজতে আজৰি সময়ত নামঘৰত আধ্যাত্মিক চৰ্চা চলাই আহিছে গাঁৱৰ যুৱক সকলে । তাৰে অংশ হিচাপে প্ৰতীক বছৰে আঘোণ মাহত যুৱ চামৰ উদ্যোগত নামঘৰত নাম-প্ৰসংগ অনুষ্ঠিত কৰা হয় । এইক্ষেত্ৰত গাঁৱৰ জ্যেষ্ঠ সকলে সদায় অনুপ্ৰাণিত কৰি আহিছে যুৱক সকলক । জ্যেষ্ঠ- কণিষ্ঠৰ মহামিলনত এনেদৰেই ভক্তি ৰসত জীপাল হৈ পৰে গাঁৱৰ পৰিবেশ ।

লগতে পঢ়ক :ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ সম্ভাৱনা !

ABOUT THE AUTHOR

...view details