অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বক্তৃতা অনুষ্ঠান সমাপ্ত - মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথ

বৃহস্পতিবাৰে "অসমৰ ভক্তি আন্দোলনৰ পটভূমিত শংকৰদেৱ আৰু অনিৰুদ্ধদেৱৰ সৃষ্টি আৰু দৰ্শন এটি অভিক্ষেপ" - শীৰ্ষক এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৷ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে কৰা হয় বক্তৃতা অনুষ্ঠানটি ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বক্তৃতা অনুষ্ঠান সমাপ্ত
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বক্তৃতা অনুষ্ঠান সমাপ্ত

By

Published : Jan 29, 2021, 7:14 AM IST

মৰাণ, 29 জানুৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সভা কক্ষত এখনি বক্তৃতা অনুষ্ঠান সম্পন্ন হৈ যায়। "অসমৰ ভক্তি আন্দোলনৰ পটভূমিত শংকৰদেৱ আৰু অনিৰুদ্ধদেৱৰ সৃষ্টি আৰু দৰ্শন এটি অভিক্ষেপ"- শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত আলোচক হিচাপে অংশগ্ৰহণ কৰে ড৹ প্ৰদীপ জ্যোতি মহন্তই।

উল্লেখ্য যে,বক্তৃতা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত তামুলী,মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ড৹ ডম্বৰুধৰ নাথৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ৰচনাৱলী ৰ্শীষক গ্ৰন্থখনো উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচন কৰে শিক্ষাবিদ ড৹ সৃষ্টিধৰ দত্তই।

লগতে পঢ়ক:কমলপুৰ সমষ্টিত পুনৰ অগপৰ হৈ সত্যব্ৰত কলিতাই বিচাৰিব প্ৰাৰ্থীত্ব

ABOUT THE AUTHOR

...view details