অসম

assam

By

Published : Jun 25, 2021, 8:59 AM IST

ETV Bharat / state

ডিব্ৰুগড়ত জটিল আৰু আনুষংগিক ৰোগাক্ৰান্তক ক'ভিড প্ৰতিষেধক প্ৰদান

ডিব্ৰুগড়ত আনুষংগিক ৰোগত (Co-morbidity) আক্রান্ত লোকসকলৰ বাবে এক বিশেষ ক'ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ ৷ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু 'প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পলিয়েটিভ ট্ৰাষ্ট'ৰ যুটীয়া প্ৰচেষ্টাত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷

special vaccination
ডিব্ৰুগড়ত আনুষংগিক ৰোগত আক্রান্তক ক'ভিড ভেকচিন প্ৰদানৰ বিশেষ ব্যৱস্থা

ডিব্ৰুগড়, 25 জুন: ডিব্ৰুগড় জিলা প্ৰশাসন আৰু 'প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পলিয়েটিভ ট্ৰাষ্ট'ৰ যুটীয়া প্ৰচেষ্টাত জটিল ৰোগ কেঞ্চাৰ তথা একাধিক আনুষংগিক ৰোগত আক্রান্ত লোকসকলৰ বাবে জিলাখনত ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ মাৰোৱাৰী ভৱনত আয়োজন কৰা এই কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝা আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উপস্থিত হৈ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷

ডিব্ৰুগড়ত আনুষংগিক ৰোগত আক্রান্তক ক'ভিড ভেকচিন প্ৰদানৰ বিশেষ ব্যৱস্থা

উপায়ুক্তগৰাকীয়ে জনাই যে, ডিব্ৰুগড়ত এনে লোকসকলৰ বাবে দীৰ্ঘদিন ধৰি এক বিশেষ ব্যৱস্থাৰ পৰিকল্পনা চলি আছিল । তাৰ মাজতে এইদৰে বৃহস্পতিবাৰৰ পৰা এনে ৰোগীসকলক ক'ভিড ভেকচিন প্ৰদান কৰাৰ বাবে এই বিশেষ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । আগন্তুক দিনত ডিব্ৰুগড় ডিলাৰ অন্য অঞ্চলতো জটিল ৰোগত আক্ৰান্ত লোকৰ বাবে বিশেষভাৱে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত পল্লৱ গোপালা ঝাই জানিবলৈ দিছে ৷

উল্লেখ্য যে, আন আন ক'ভিড কেন্দ্ৰ সমূহতো বিভিন্ন আনুষংগিক ৰোগত আক্রান্ত লোকসকলক প্ৰতিষেধক প্ৰদানৰ বাবে এক ঘন্টা সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰী কৰিছে উপায়ুক্ত গৰাকীয়ে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত আৰোগ্য ভৱনৰ এই কাৰ্যসূচীত প্ৰায় 50 গৰাকী এনে ৰোগীক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয় । উক্ত কাৰ্যসূচীত প্ৰতিশ্ৰুতি এন জি অৰ সদস্যসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

উল্লেখ্য যে, ৰাজ্যৰ সকলো পৰ্যায়ৰ লোককে ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্যেৰে ৰাজ্য চৰকাৰে মেগা ভেকচিনেশ্বন ড্ৰাইভ(Mega Vaccination Drive)ৰ জৰিয়তে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সেই অনুসৰি, প্ৰত্যেক দিনে 2 লাখ 60 হাজাৰ লোক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷

মন কৰিবলগীয়া যে ক'ভিডৰ সংহাৰী ৰূপত ত্ৰাসিত হৈ পৰা ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিষেধক গ্ৰহণৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে ৷ অৱশ্যে ৰাইজৰ এই সঁহাৰিৰ বিপৰীতে ঠায়ে ঠায়ে প্ৰতিষেধকৰ নাটনিকে ধৰি প্ৰতিষেধক প্ৰদান অভিযানত বিভিন্ন বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: আমি সন্ত্ৰাসবাদী নহয় প্ৰতিবাদকাৰীহে : ভূপেন গগৈ

ABOUT THE AUTHOR

...view details