অসম

assam

ETV Bharat / state

জকাই আদৰ্শ চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে বিশেষ কক্ষ - Jokai Hospital

অসমত ক'ভিড-১৯ মহামাৰীৰ সৰ্বাধিক সংক্ৰমণ হোৱা জিলাৰ তালিকাত দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা । ডিব্ৰুগড় প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত সাজু কৰি তোলা হৈছে বহু কেইটা ক'ভিড কেয়াৰ চেন্টাৰ । ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ জিলাখনৰ জকাই আদৰ্শ চিকিৎসালয়ৰ এটা কোঠাক বিশেষ ৰূপ দিয়া হৈছে ।

Special room with oxygen facility in Jokai Hospital
জকাই আদৰ্শ চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে বিশেষ কক্ষ

By

Published : May 5, 2021, 12:06 PM IST

মৰাণ, ৫ মে': কামৰূপ মহানগৰ জিলাৰ পাছতে ডিব্ৰুগড়ত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । জিলাখনত সংক্ৰমণ ৰোধ কৰিবলৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে । ইতিমধ্যে জিলাখনত বহু কেইটা ক'ভিড কেয়াৰ চেন্টাৰ স্থাপন কৰা হৈছে । ডিব্ৰুগড় জিলাৰ জকাই আদৰ্শ চিকিৎসালয়তো অব্যাহত আছে ক'ভিড-১৯ মহামাৰীত আক্ৰান্তৰ চিকিৎসা ।

জকাই আদৰ্শ চিকিৎসালয়ত ক'ভিড ৰোগীৰ বাবে বিশেষ কক্ষ

এনে সময়তে চিকিৎসালয়খনৰ চিকিৎসকসকলৰ উদ্যোগত এটা কোঠাক বিশেষ ৰূপ দিয়া হৈছে । ক'ভিড-১৯ সংক্ৰমিত ৰোগীসকল চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত প্ৰায়ে তেওঁলোকৰ অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱা পৰিলক্ষিত হয় ।

সেয়ে এইসকল ৰোগীক ততাতৈয়াকৈ যাৱতীয় চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন কনচেনট্ৰটৰ, অক্সিজেন মনিটৰ আদি সকলো উপলব্ধ কৰা হৈছে এই বিশেষ কোঠাটোত । ৰোগীজনক ক'ভিড কেয়াৰ ৱাৰ্ডলৈ নিয়াৰ আগতে এই কোঠাটোত তেওঁক চিকিৎসা প্ৰদান কৰি অক্সিজেনৰ মাত্ৰা বঢ়াবলৈ প্ৰয়াস কৰা হ'ব ।

লগতে পঢ়ক:কৰ’ণাৰ ভয়াৱহতা : বন্ধ হ’ল পবিতৰা অভয়াৰণ্যৰ দুৱাৰ

ABOUT THE AUTHOR

...view details