অসম

assam

ETV Bharat / state

জয়পুৰ বৰ্ষাৰণ্যৰ বন ধ্বংসঃ উপায়ুক্তৰ বিশেষ ৰাজহুৱা সভা - জয়পুৰ বৰ্ষাৰণ্যৰ বন ধ্বংস

উক্ত সভাত উপায়ুক্তগৰাকীয়ে বৰ্ষাৰণ্যত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰি অহা পথসমূহ চিনাক্ত কৰাৰ পথ চিনাক্ত কৰিবৰ বাবে ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ নেওগক নিৰ্দেশ প্ৰদান কৰে ৷

Special public meeting about to control deforestation of Jaipur rain forest at Dibrugarh
জয়পুৰ বৰ্ষাৰণ্যৰ বন ধ্বংস ৰোধৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ উপস্থিতিত বিশেষ ৰাজহুৱা সভা

By

Published : Aug 14, 2020, 5:50 PM IST

ডিব্ৰুগড়, 14 আগষ্ট: জয়পুৰ বৰ্ষাৰণ্যত দীৰ্ঘদিনধৰি চলি থকা বনজ সম্পদৰ লুণ্ঠন ৰোধ কৰাৰ লগতে বৰ্ষাৰণ্যৰ বিভিন্ন সমস্যা তথা সুৰক্ষা কৰ্মী সকলৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা'ৰ নেতৃত্বত অনুষ্ঠিত হয় এখন বিশেষ ৰাজহুৱা সভা ৷ জয়পুৰ বন বিভাগ আৰু ডিভিজনেল ফৰেষ্ট অফিচাৰৰ উদ্যোগত জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বিশেষ ৰাজহুৱা সভাৰ খন ৷ উক্ত সভাত উপায়ুক্তগৰাকীয়ে বৰ্ষাৰণ্যত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰি অহা পথসমূহ চিনাক্ত কৰাৰ পথ চিণাক্ত কৰিবৰ বাবে ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ নেওগক নিৰ্দেশ প্ৰদান কৰে ৷ লগতে বনাঞ্চল ধ্বংসত জড়িত দুস্কৃতিকাৰীক চিনাক্ত কৰিবলৈ আৰক্ষীৰ সহযোগত মিছন মুডত ব্যাপক পেট্ৰলিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ ওপৰিও অতিশীঘ্ৰে বনাঞ্চল খনৰ ভিতৰচৰাত চলি থকা বনধ্বংস আৰু দুস্কৃতিকাৰীৰ কাৰ্যকলাপ নিৰীক্ষণৰ সুবিধাৰ্থে দ্ৰোণ কেমেৰাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ লগতে নামৰূপ আৰু নাহৰকটীয়া অঞ্চলৰ সকলো কাঠ মিলৰ স্বত্বাধিকাৰীৰ সৈতে এখন সভাত মিলিত হৈ উক্ত মিলসমূহত যাতে অবৈধ কুণ্ডাৰে ব্যৱসায় নকৰে তাৰ প্ৰতি সজাগ কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাক নিৰ্দেশ প্ৰদান কৰে ৷

জয়পুৰ বৰ্ষাৰণ্যৰ বন ধ্বংস ৰোধৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ উপস্থিতিত বিশেষ ৰাজহুৱা সভা

একেদৰে সভাত জয়পুৰ বৰ্ষাৰণ্যৰ দাঁতি কাষৰীয়া গাঁওসমূহত থকা যন্ত্ৰচালিত কৰট সমূহৰ লগতে সাধাৰণ কৰট সমূহেৰে বৰ্ষাৰণ্যৰ ভিতৰত দুষ্টচক্ৰই মূল্যৱান কাঠ কটাত ব্যৱহাৰ কৰি অহাৰ বিষয়টো উত্থাপিত হয় ৷ যাৰ বাবে উপায়ুক্ত গৰাকীয়ে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীকো ভাৰতীয় ফৌজদাৰী আইনৰ 144 নং ধাৰাৰ অধীনত এক নিৰ্দেশ উলিয়াই গাঁওবুঢ়াৰ সহযোগত জয়পুৰ বৰ্ষাৰণ্যৰ দাঁতি কাষৰীয়া গাঁওত থকা যন্ত্ৰ চালিত অথবা হাতেৰে কাঠকটা যন্ত্ৰসমূহ বন বিভাগৰ কাৰ্যালয়ত জমা দিয়াতো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে এনে মেচিনৰ গৰাকীয়ে উপযুক্ত কাৰণ দৰ্শাই সেইসমূহ ব্যৱহাৰৰ সময়ত নিব পাৰিব আৰু তাৰ তথ্য বন বিভাগৰ কাৰ্যালয়ত নথিভুক্ত কৰা হ'ব ৷ লগতে জয়পুৰ বৰ্ষাৰণ্যৰ মাজভাগেৰে অতিক্ৰম কৰা 18 কিঃমিঃ জোৰা পথৰ দুইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যই বৰ্ষাৰণ্যখনত কেনে প্ৰভাৱ পেলাব সেই সন্দৰ্ভত এক জৰীপ কৰিবৰ বাবে ডিব্ৰুগড় গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দেৱপ্ৰদত্ত নাথক দায়িত্ব অৰ্পণ কৰে ৷ আৰু উক্ত জৰীপৰ প্ৰতিবেদন পথ পৰিবহণ মন্ত্ৰালয়ক দাখিলৰ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে,শুকুৰবাৰে অনুষ্ঠিত হোৱা উক্ত সভাখনত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্ত,বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱা,নামৰূপ উপ-আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য,প্ৰশাসনীক বিষয়া জয় শিৱানী,নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম চেত্ৰী,নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰধ্যক্ষ জ্ঞানপাল মহাথেৰ,বিশিষ্ট সাংবাদিক বুলন কুমাৰ শইকীয়া,পৰিৱেশ কৰ্মী মৃদুপৱন ফুকন,ভাস্কৰজ্যোতি বৰা প্ৰাক্তন শিক্ষক ৰবিন চন্দ্ৰ দুৱাৰা,চিতাকুণ্ড পৰ্যটন প্ৰকল্পৰ সভাপতি কৃষ্ণ কান্ত হাজৰিকা,দৈনিক জনমভূমিৰ সাংবাদিক কল্পদ্বীপ মোহনকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়কঃ শিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details