অসম

assam

ETV Bharat / state

Grant Distribution Ceremony in Dibrugarh: ডিব্ৰুগড়ত মটক জনগোষ্ঠীৰ হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠান - Matak Community

ডিব্ৰুগড়ত মটক জনগোষ্ঠীৰ হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠান ৷ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান (Dibrugarh District Library) ৷

Grant Distribution Ceremony in Dibrugarh
ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠান

By

Published : Jun 10, 2023, 10:57 PM IST

হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠান

ডিব্ৰুগড়, 10 জুন: ডিব্ৰুগড়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল মটক জনগোষ্ঠীৰ হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠান ৷ অসম চৰকাৰে মটক জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে মটক স্বায়ত্ত শাসিত পৰিষদলৈ আজি আগবঢ়ালে 1 কোটি 25 লাখ টকা ৷ মটক জনগোষ্ঠীৰ লগতে ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ‌ (Special Programme of Matak Community in Dibrugarh) ৷

ৰাজ্য চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দিয়া সময়ৰ ম্যাদ কেইটামান দিনৰ পিছতে উকলিব ৷ তেনে পৰিপ্ৰেক্ষিতত বিষয়টোক লৈ চৰকাৰে অকনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰঞ্জিত গোহাঁইয়ে ৷ মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে নেতাজনে ৷ ইফালে আলফা (স্বা)ৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগতো মন্তব্য মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতাজনৰ ৷ আলফা (স্বা) ৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ দাবী জনাই মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা গৰাকীয়ে ৷ ডিব্ৰুগড়ত আজি অনুষ্ঠিত মটক জনগোষ্ঠীৰ হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দাবী কৰে নেতাজনে (Dibrugarh District Library)

আজি অৰ্থাৎ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই মটক জনগোষ্ঠীৰ হিতাধিকাৰীৰ অনুদান বিতৰণ অনুষ্ঠান ৷ ডিব্ৰুগড় জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা মটক স্বায়ত্ত শাসিত পৰিষদৰ তত্বাৱধানত অসম চৰকাৰৰ জনগোষ্ঠীৰ এককালীন বিশেষ সাহাৰ্য পুঁজিৰ জীৱিকা শিতানৰ হিতাধিকাৰীৰ অনুদান বিতৰণ কৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৷ অসম চৰকাৰে মটক জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে মটক স্বায়ত্ত শাসিত পৰিষদলৈ এককালীন সাহাৰ্য হিচাপে 1 কোটি 25 লাখ টকা আগবঢ়াইছে (Matak Community) ৷

এই আচঁনিৰ পৰা জনগোষ্ঠীটোৰ প্ৰায় চাৰিশ আত্মসহায়ক গোটৰ মাজত অনুদান বিতৰণ কৰা হয় ৷ অনুষ্ঠানত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়াকে প্ৰমুখ্য কৰি মটক জনগোষ্ঠীৰ বিভিন্ন সমূহ সংঠনৰ বিষয়ববীয়া, জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকি আত্মসহায়ক গোটসমূহক এই অনুদানৰ ধন সৎ কামত লগাবলৈ আহ্বান জনায় (Grant Distribution Ceremony in Dibrugarh) ৷

লগতে পঢ়ক:BJP workers meet at Lakhimpur: লখিমপুৰত বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি, দলীয় কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details