ডাঃ অতুল বৰগোঁহাইৰ কথাৰে আজিৰ বিশেষ... ডিব্ৰুগড়, ১ জুন :এজন বিশেষ ব্যক্তি ৷ পেচাত তেওঁ এজন চিকিৎসক । চিকিৎসা সেৱাৰ অতি ব্যস্ত জীৱনৰ মাজতে নীৰৱে সাহিত্য সাধনাও কৰি গৈছে তেওঁ । যাৰ সৃষ্টিৰাজীয়ে ৰাজ্য তথা দেশৰ পৰিধি ভাঙি বহিঃৰাষ্ট্ৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । আমি কৈ থকা এই ব্যক্তিগৰাকীৰ নাম তেওঁৰ ডাঃ অতুল বৰগোঁহাই (Special Interview with Atul Borgohain) ।
টিংখাঙৰ এইগৰাকী সু-পৰিচিত চিকিৎসকে তেওঁৰ কৰ্মজীৱনত অসমৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা আগবঢ়াই আহিছে । তেওঁৰ কৰ্মজীৱনৰ বৰ্ণিল অভিজ্ঞতা, চিকিৎসক হিচাপে অতিবাহিত কৰি অহা বিভিন্ন ঠাইৰ ইতিহাস, সমাজ-পৰম্পৰা আদিবোৰ সমল হিচাপে লৈ বহুকেইখন মূল্যৱান গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে ডাঃ বৰগোঁহায়ে ।
ইয়াৰ ভিতৰত ‘‘কাজিৰঙাৰ পৰা গিবনলৈ’’ , ‘‘শিৰীষৰ ছাঁ পোহৰত’’, ‘‘ইতিহাসৰ পম খেদি ধোদৰ আলিয়েদি’’, ‘‘যাত্ৰাৰ পথত’’, ‘‘চিকিৎসকৰ দিনলিপি’’ আদি গ্ৰন্থ কেইখনে পাঠক সমাজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে, শিৰীষৰ ছাঁ পোহৰত গ্ৰন্থৰ বাবে ডাঃ বৰগোঁহায়ে ২০২১ বৰ্ষৰ অসম সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
আনহাতে, লাচিত বৰফুকনৰ জীৱনৰ আধাৰত লিখা তেওঁৰ তথ্য ভিত্তিক গ্ৰন্থ ‘‘LACHIT BORPHUKAN the mighty general of MUNG DUN SUN KHAM’’ নামৰ গ্ৰন্থখনে লণ্ডন আৰু আমেৰিকাৰ পাঠক সমাজৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে ডাঃ অতুল বৰগোঁহায়ে । লগতে আগন্তুক সময়ত অসমৰ ইতিহাস খচিত বহু কেইখন তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰে চিকিৎসকগৰাকীয়ে ।
উল্লেখযোগ্য যে, ভ্ৰমণ চহকী ডাঃ অতুল বৰগোঁহাই অতি শীঘ্ৰে থাইলেণ্ড ভ্ৰমণ কৰি সেইখন ৰাষ্ট্ৰত তেখেতৰ গ্ৰন্থৰাজি অৰ্পণ কৰিব । উল্লেখ কৰিব লাগিব যে ডাঃ অতুল বৰগোঁহাই এগৰাকী দক্ষ চিকিৎসক, লেখক হোৱাৰ উপৰিও তেওঁ এজন সুদক্ষ খেলুৱৈ । তেওঁ বিদ্যালয়-মহাবিদ্যালয়ত পঢ়ি থকাৰ দিনৰ পৰাই ফুটবল আৰু বেডমিন্টনত বিভিন্ন ক্লাৱ আৰু জিলাৰ দলৰ হৈ খেলি যথেষ্ট খ্যাতি তথা পদক লাভ কৰিবলৈ সক্ষম হৈছিল । বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী ব্যক্তি বৰ্তমান ৬৬ বছৰ বয়সতো বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে ।
লগতে পঢ়ক :Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...