মৰাণ, 26 ডিচেম্বৰ: ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা খনৰ নিবনুৱা যুৱক-যুৱতী সকলৰ নিয়োগ নিশ্চিতকৰণৰ বাবে বিভিন্ন ধৰণৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷ শেহতীয়াকৈ ডিব্ৰুগড় DAY-NULM ৰ অধীনত অশ্বি স্কীল ট্ৰেইনিং এণ্ড কনচালটেন্সী চাৰ্ভিছেচ প্ৰাইভেট লিমিটেডত ৩০ জনকৈ নিবনুৱা যুৱকক প্লাম্বাৰৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ একেদৰে চাবুৱাৰ ডি.আৰ.এছ ফাউণ্ডেশ্যনত যুৱতীসকলক বিনামূলীয়াকৈ ফেশ্বন ডিজাইনিং আৰু মেক আপ আৰ্টিষ্টৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷
নিবনুৱা যুৱক-যুৱতীক ডিব্ৰুগড় প্ৰশাসনৰ বিশেষ প্ৰশিক্ষণ - ডিব্ৰুগড়
যুৱক-যুৱতী সকলৰ নিয়োগ নিশ্চিতকৰণৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ বহু কেইগৰাকী যুৱক-যুৱতীক বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৷
নিবনুৱা যুৱক-যুৱতীক ডিব্ৰুগড় প্ৰশাসনৰ বিশেষ প্ৰশিক্ষণ