অসম

assam

By

Published : Oct 21, 2020, 8:02 AM IST

ETV Bharat / state

ক'ভিড প্ৰটকল ভংগ কৰিলে সন্মুখীন হ'ব আইনগত শাস্তিৰ

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ এই পূজাক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাজ্যবাসীৰ ৷ পূজা সন্দৰ্ভত মৰাণ প্ৰশাসন আৰু পূজা সমিতিৰ মাজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা ৷ সভাত ক'ভিড প্ৰটকল মানি পূজা সমিতি সমূহক পূজা আয়োজন কৰাৰ নিৰ্দেশ চক্ৰ বিষয়া লুকুমণি বৰাৰ ৷

Special discussion of Moran administration and committee of Durga puja in Moran
ক'ভিড প্ৰটকল ভংগ কৰিলে সন্মুখীন হ'ব আইনগত শাস্তিৰ

মৰাণ,21অক্টোবৰ: শাৰদী ৰাণী দুৰ্গা দেৱীক আদৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাজ্যবাসীৰ ৷ কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মা-দুৰ্গাৰ পূজা ৷ এই পূজা উপলক্ষে মংগলবাৰে মৰাণ প্ৰশাসনে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত স্থানীয় বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী,দুৰ্গা পূজাৰ সমিতি সমূহক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ৷ মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাখনত ক'ভিড প্ৰটকল মানি পূজা সমিতি সমূহক পূজা আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

ক'ভিড প্ৰটকল ভংগ কৰিলে সন্মুখীন হ'ব আইনগত শাস্তিৰ

পূজাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ক'ভিড প্ৰটক'ল ভংগ কৰিলে আইনগত ভাৱে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও চক্ৰ বিষয়া গৰাকীয়ে সকিয়াই দিয়ে । সভাত পূজাৰ বিভিন্ন দিশ, দৰ্শনাৰ্থীৰ নিৰাপত্তা,পৰিষ্কাৰ-পৰিচ্ছন্নতাকে আদি কৰি বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয় ৷ সভাত মৰাণ থানাৰ আৰক্ষী বিষয়া দীননাথ মিলি,ত্ৰৈলোক্য চেতিয়া,অসীম বৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়। সভাত মৰাণ আৰু মৰাণহাট থানা এলেকাধীন পূজা সমিতিসমূহক সামৰি সমন্বয়ৰক্ষী সমিতি গঠন কৰি মৰাণত পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পূৰ্বৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে সকলোৱে সহমত পোষণ কৰা হয় ৷

ক'ভিড প্ৰটকল ভংগ কৰিলে সন্মুখীন হ'ব আইনগত শাস্তিৰ

অন্য এক খবৰৰ বাবে: বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details