অসম

assam

ETV Bharat / state

Cultural Festival observed: ডিব্ৰুগড়ত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ - Union Minister Sarbananda Sonowal

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ(Sonowal Kachari Youth and Cultural Festival in Dibrugarh) । সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নৃত্য-গীতৰ সমান্তৰালভাৱে ভিন্ন জাতি-জনগোষ্ঠীৰ লোক-কৃষ্টিৰে জীপাল হৈ পৰে মহোৎসৱস্থলী ।

Sonowal Kachari Youth and Cultural Festival in Dibrugarh
ডিব্ৰুগড়ত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ

By

Published : Mar 26, 2023, 8:09 PM IST

ডিব্ৰুগড়ত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ

ডিব্ৰুগড়,২৬ মাৰ্চ:সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হৈছে সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ(Sonowal Kachari Youth and Cultural Festival in Dibrugarh) । এক উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে মহোৎসৱস্থলীত । সোণোৱাল কছাৰীসকলৰ কৃষ্টি-সংস্কৃতিসহ অন্যান্য জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ । সোণোৱাল কছাৰী লোক-জীৱনৰ বিচিত্ৰময় উপাদানসমূহ বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ লক্ষ্যেৰে আৰু যুৱ প্ৰজন্মৰ চিন্তা, প্ৰতিভা আৰু সাংস্কৃতিক অনুৰাগৰ অন্বেষণ আৰু আৱিষ্কাৰ কৰাৰ সংকল্পৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহোৎসৱ ।

জাতি-জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হৈছে ডিব্ৰুগড়ৰ দুলীয়া-দাইনীজান হালালী সমন্বয় ক্ষেত্ৰ । বিভিন্ন জনগোষ্ঠীয় সংস্কৃতি, ঐতিহ্য, আচাৰ-ব্য়ৱহাৰ, সুৰ-সংগীত, নৃত্য-গীত, খাদ্যাভাস, সাজপাৰ, হস্তশিল্প, ক্রীড়া আদিৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ সমাহাৰেৰে মুখৰিত হৈ পৰিছে পৰিৱেশ । শতাধিক নাচনীৰ লেছেৰী নৃত্য, বহুৱা নাচ, ২৬ টাকৈ দলৰ প্ৰায় পাঁচ শতাধিক যোৰা গায়ন-বায়ন প্ৰদৰ্শনেৰে জীপাল কৰি তোলে পৰিৱেশ(Cultural Festival observed) ।

আনহাতে সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা পাঁচজনকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় উদ্দীপনা বঁটা । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal), সাংসদ ৰামেশ্বৰ তেলী(MP Rameshwar Teli), অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জনপ্ৰিয় কন্ঠশিল্পী জিতুল সোণোৱালসহ কেইবাজনো বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, দল সংগঠনৰ নেতা ।

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে যুৱ প্ৰতিভাসমূহক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছে ই প্ৰশংসনীয় কাম হৈছে । সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এই প্ৰচেষ্টাই কেৱল সোণোৱাল কছাৰীসকলকে নহয় ই বৃহত্তৰ অসমীয়া জাতিক উপকৃত কৰিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক:Municipal tax hike: পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে পৌৰসভাক স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details