টিংখাং,৮ মে': বৰ্তমান কৰ'ণা মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰ তথা বিভিন্ন দল-সংগঠনে । শুকুৰবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয়, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চহৰীকটা আঞ্চলিক সমিতিৰ সহযোগত ক'ভিড-১৯ সন্দৰ্ভত এক সজাগতা অভিযান আৰম্ভ কৰা হয় ।
পুৰণি শলগুৰি প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই সভাতে অভিযানৰ শুভাৰম্ভ কৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰীয়ে । ইয়াৰ পিছতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সদস্যসকলে গাঁৱখনত ঘৰে ঘৰে গৈ মাস্ক, হেণ্ডৱাচ, ছেনিটাইজাৰ আদি সামগ্ৰী বিতৰণ কৰে । লগতে সকলোকে মাস্ক পৰিধান কৰিবলৈও আহ্বান জনায় ।