মৰাণ, 18 মাৰ্চ:ৰাজ্যত নাৰী সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন দল সংগঠনে ন ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈ আহিছে ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ ১২ নং লেপেটকটা সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে (Sonowal Kachari Autonomous council) "আই ন-ভনী মহিলা সবলীকৰণ আঁচনি"ৰ অধীনত আত্মসহায়ক গোটসমূহলৈ সাহায্য প্ৰদান কৰিছে (Relief distribution to self help groups )৷
সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলক সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি আগবঢ়াই নিবৰ বাবে পথ প্ৰশস্ত কৰিছে (Self help groups of Assam ) ৷ ইয়াৰে অংশস্বৰূপে শনিবাৰে ১২ নং লেপেটকটা সমষ্টিৰ সদস্য তথা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মদন হাজৰিকাই "আই ন-ভনী মহিলা সবলীকৰণ যোজনা"ৰ অধীনত মহিলা আত্মসহায়ক গোট সমূহক হাঁহ-কুকুৰা, গাহৰী-ছাগলী পালন কৰিবলৈ আৰ্থিক সাহায্য হিচাপে ১১৭ টা গোটক মুঠ ২০,০০০ হাজাৰ কৈ টকা চেক প্ৰদান কৰে।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালো উপস্থিত থাকে ৷ সোণোৱালে এই সভাত উপস্থিত হৈ উপস্থিত হৈ গোট সমূহৰ সদস্যসকলক একোখনকৈ চেক প্ৰদান কৰি ধনসমূহ সৎ কামত লগাই এগুনৰ পৰা দুগুণ আয় কেনেকৈ কৰিব পাৰি, প্ৰত্যেকে নিজৰ পৰিয়ালটোক কেনেকৈ সুন্দৰকৈ পৰিচালনা কৰিব পাৰি ইয়াৰ ওপৰত লক্ষ্য ৰাখি কাম কৰিবলৈ আহ্বান জনায় ।