অসম

assam

ETV Bharat / state

সোণাৰি, মাহমৰাৰ বিজেপি প্ৰাৰ্থীৰ বিজয় কামনাৰে বন্তি প্ৰজ্বলন - ১০৫ নং মাহমৰা সমষ্টি

২০২১ ৰ বিধানসভা নিৰ্বাচনত সোণাৰি বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীত্ব বিচাৰি বঞ্চিত হোৱা দলটোৰ যুৱনেতা লাচিত গগৈয়ে বৃহস্পতিবাৰে চৰাইদেউ পাহাৰৰ শিখৰত থকা ঐতিহাসিক লাংকুৰি দৌলত বন্তি প্ৰজ্বলন কৰি সোণাৰি আৰু মাহমৰাৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থীৰ বিজয় কামনা কৰি প্ৰাৰ্থনা জনায়।

As_Moran_sonari-mahamra-bjp-candidate-lights-candle-to-wish-for-victory_img_As10031
সোণাৰি,মাহমৰাৰ বিজেপি প্ৰাৰ্থীৰ বিজয় কামনাৰে বন্তি প্ৰজ্বলন

By

Published : Mar 12, 2021, 9:13 AM IST

মৰাণ, 12 মাৰ্চ: সমাগত অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে নিজৰ বিজয় সুনিশ্চিত কৰিবলৈ অতি সম্প্রতি নানা ধৰণে তৎপৰ হৈ পৰিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে চৰাইদেউত ১০৫ নং মাহমৰা আৰু ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা বিজেপি দলৰ প্ৰাৰ্থী দুগৰাকীৰ বিজয় কামনাৰে এক বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

২০২১ ৰ বিধানসভা নিৰ্বাচনত সোণাৰি বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীত্ব বিচাৰি বঞ্চিত হোৱা দলটোৰ যুৱনেতা লাচিত গগৈয়ে বৃহস্পতিবাৰে চৰাইদেউ পাহাৰৰ শিখৰত থকা ঐতিহাসিক লাংকুৰি দৌলত বন্তি প্ৰজ্বলন কৰি সোণাৰি আৰু মাহমৰাৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থীৰ বিজয় কামনা কৰি প্ৰাৰ্থনা জনায়।

ভালেসংখ্যক অনুৰাগীক লগত লৈ এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা গগৈয়ে অসমত দ্বিতীয় বাৰৰ বাবে বিজেপি দলৰ নেতৃত্বত এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সমূহ দলীয় নেতা কৰ্মীক আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত পূৰ্ব পূৰুষ সকলৰ আশীৰ্বাদ কামনা কৰে ৷

লগতে পঢ়ক-কংগ্ৰেছত মূখ্যম আঘাত : গৌতম ধানোৱাৰৰ পদত্যাগ

ABOUT THE AUTHOR

...view details