ডিব্ৰুগড়,10 ছেপ্টেম্বৰ: শিক্ষাৰ জ্যোতি বিয়পাই বৃহত্তৰ সোণাৰি অঞ্চলত মানৱ সম্পদ গঢ় দিয়া সোণাৰি মহাবিদ্যালয়ে অতিক্ৰম কৰিলে সফলতাৰ পঞ্চাশটা বৰ্ষ (Sonari College celebrates 50 years) । চৰাইদেউ জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ (Golden Jubilee of Sonari College) সামৰণি অনুষ্ঠানটি শুকুৰবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ।
সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিমল চন্দ্ৰ গগৈৰ লগতে চৰাইদেউ জিলাৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিয়ে শুকুৰবাৰে ৫০ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সামৰণি অনুষ্ঠানৰ । ইফালে পতাকা উত্তোলনৰ পাছতেই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁয়ে শাৰীৰিক অসুস্থতা স্বত্ত্বেও মহাবিদ্যালয়খনৰ সামৰণি অনুষ্ঠানটিত সোশৰীৰে উপস্থিত থাকে আৰু স্মৃতি তৰ্পণ কৰে ।