ডিব্ৰুগড়, 16 এপ্ৰিল :মানুহ বিহুৰ দিনাই আটাছুৰ নেতাই মৰাণত সংঘটিত কৰিলে জাতিটোক লজ্জানত কৰা এক ঘটনা । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক অভিজিৎ গগৈয়ে নিজ পিতৃক চোকা অস্ত্ৰৰে ৰক্তাক্ত কৰাৰ উপৰিও শৰীৰৰ কেবা ঠাইতো কামুৰি ডিঙি চেপি হত্যাৰ চেষ্টা চলায় (Son attempts to kill his father at Maran) ।
ঘটনা অনুসৰি, মানুহ বিহুৰ দিনা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নতুন নগৰৰ নিবাসী অতুল গগৈক প্ৰহাৰ কৰে নিজ সন্তান অভিজিৎ গগৈয়ে । যিটো দিনত ৰাজ্যবাসীয়ে নিজ পিতৃ-মাতৃ নতুবা জ্যেষ্ঠজনৰ আৰ্শীবাদ বিচাৰি আপোনজনৰ কাষ চাপে, তেনে সময়তে আটাছুৰ নেতা অভিযুক্ত অভিজিতে নিজ পিতৃ আৰু পৰিয়ালৰ লোকক চলালে বৰ্বৰ অত্যাচাৰ (Attempt to murder case at Moran)।
ভুক্তভোগী অতুল গগৈৰ সৰু পুত্ৰ আৰু পৰিয়ালৰ অন্য সদস্যই আহত অতুল গগৈক বচাবলৈ যাওঁতে বাকী সকলকো প্ৰহাৰ কৰে ছাত্ৰ নেতা অভিজিৎ গগৈয়ে । আনকি ইমানতে শান্ত নাথাকি অভিজিৎ গগৈয়ে উলংগ হৈ নিজৰ পিতৃৰ দেহত প্ৰসাৱ কৰাৰো চেষ্টা কৰে । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ভুক্তভোগী অতুল গগৈৰ আত্মীয়ই ৷