ডিব্ৰুগড়,20 অক্টোবৰঃপ্ৰয়াত সাংবাদিক তথা সমাজকৰ্মী হেৰম্ব বৰদলৈৰ পুত্ৰ গৌতম বৰদলৈক প্ৰদান কৰা হ’ব ২০১৯ চনৰ খবৰ চাৰিদিশ অনুপ্ৰেৰণা বঁটা ৷ উল্লেখ্য যে, উজনি অসমৰ পৰা প্ৰকাশিত পষেকীয়া কাকতখনে প্ৰতিটো বৰ্ষপূৰ্তিতে সমাজ জীৱনত উল্লেখনীয় অৰিহণা যোগোৱা ব্যক্তি তথা সংস্থাক এই বঁটা প্ৰদান কৰি আহিছে ৷ পূৰ্বে এই বঁটা আগবঢ়োৱা হৈছিল অগ্ৰণী জৈৱ চাহ খেতিয়ক তথা উদ্ভাৱক ডালিম বৰা, আশী বছৰ অতিক্ৰম কৰাৰ পাছতো সাহিত্য সেৱাত নিয়োজিত লেখিকা ফুলনী ফুকন আৰু গ্ৰাম্যঞ্চলত নিয়োজনৰ বাবে কাম কৰি অহা কেয়া বাগছী ফাউণ্ডেছনক ৷
গৌতম বৰদলৈলৈ খবৰ চাৰিদিশ অনুপ্ৰেৰণা বঁটা - চাৰিদিশ অনুপ্ৰেৰণা বঁটা
প্ৰয়াত সাংবাদিক তথা সমাজকৰ্মী হেৰম্ব বৰদলৈৰ পুত্ৰ গৌতম বৰদলৈক আগবঢ়োৱা হ’ব ২০১৯ চনৰ খবৰ চাৰিদিশ অনুপ্ৰেৰণা বঁটা ৷
উল্লেখ্য যে ২০১৯ চনৰ এই বঁটাপ্ৰাপক অভিযন্তা গৌতম বৰদলৈৰ চীনত নিজা ব্যৱসায় আছে আৰু তেওঁৰ গৃহ চহৰ ডিব্ৰুগড়ত নিজাববীয়াকৈ পথ নিৰ্মাণ, বিদ্যালয়ৰ আন্তঃগাঁথনি প্ৰস্তুত, বান সাহায্য আদি সমাজ সেৱামূলক কামত জড়িত হৈ আছে ৷ তাৰোপৰি স্বচ্ছতা অভিযানত তেওঁ আগবঢ়াইছে অভূতপূৰ্ব বৰঙনি ৷ নিজৰ কামৰ দ্বাৰা তেওঁ অজস্ৰজনক অনুপ্ৰাণিত কৰিবলৈও সক্ষম হৈছে ৷ আজিৰ তাৰিখত গৌতম বৰদলৈ আক্ষৰিক অৰ্থতে হৈ পৰিছে নীৰৱ সামাজিক বিপ্লৱৰ নাম ৷ ক্লিয়েৰ লেন্স মেডিয়াৰ তৰফৰ পৰা প্ৰকাশিত কাকতখনৰ বৰ্ষপূৰ্তি উপলক্ষে নৱেম্বৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া এক বাৰেৰহণীয়া কাৰ্যসূচীত গৌতম বৰদলৈক এই বঁটা প্ৰদান কৰা হ’ব ৷
আৰু পঢ়ক:গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ ডে'