বিজেপিৰ পাছত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ সমন্বয়কৰ প্ৰশিক্ষণ ডিব্ৰুগড়, 26 আগষ্ট:অসমত চৰকাৰ গঠন কৰিয়ে বিজেপি দলে সমাজিক মাধ্যৰ দ্বাৰা দলটোৰ কাম-কাজ প্ৰচাৰ কৰা আৰু দলৰ ভেঁটি সুদৃঢ় কৰাত গুৰুত্ব প্ৰদান কৰিছিল ৷ যাৰ জৰিয়তে বিজেপিয়ে ব্যাপক সফলতাও লাভ কৰিছিল ৷ বিজেপিৰ এই নীতিকে এতিয়া অনুসৰণ কৰিছে অসম কংগ্ৰেছে ৷
শনিবাৰে উজনি অসমৰ কেইবাখনো জিলা সামৰি চৰাইদেউ জিলাৰ মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধীনত জিলা, ব্লক, মুখপাত্ৰ, সামাজিক মাধ্যমৰ সমন্বয়কসকলৰ এক কৰ্মশালা অনুষ্ঠিত হয় ৷
এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই ৷ সভাপতিকে ধৰি জ্যেষ্ঠ নেতাসকলে কেনেকৈ দলৰ কাম-কাজ সামাজিক মাধ্যমত প্ৰচাৰ কৰিব লাগিব সেই বিষয়ে কৰ্মীসকলক অৱগত কৰে ৷
এই অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি ভূপেন বৰাই কয়, ‘‘অসমৰ সংবাদ মাধ্যমত কংগ্ৰেছ দলৰ কথা যি ধৰণেৰে প্ৰচাৰ হ’ব লাগে সেইদৰে নহয় ৷ কাৰণ কংগ্ৰেছ দলৰ নিজা টিভি চেনেল আৰু বাতৰি কাকত নাই । কংগ্ৰেছৰ সভাপতিয়ে 15 মিনিট কথা ক'লে কেৱল 15 ছেকেণ্ড প্ৰকাশ হয় ৷ সেয়ে এতিয়াৰে পৰা কংগ্ৰেছৰ কথা ক’বলৈ প্ৰতিটো সমষ্টিত 500 কৰ্মীয়ে কাম কৰিব ৷’’
উল্লেখ্য যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজকে শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ সামাজিক মাধ্যমত নিজৰ স্থিতি সৱল কৰাৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে দেওবাৰে কংগ্ৰেছে ৰাজ্যজুৰি আৰম্ভ কৰিব ‘বাগানে বাগানে কংগ্ৰেছৰ যাত্ৰা’ শীৰ্ষক কাৰ্যসূচী ৷
মুঠৰ ওপৰত শাসকীয় বিজেপি প্ৰতিহত কৰি ৰাজ্য শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ সকলো দিশৰ পৰাই চেষ্টা কৰিছে কংগ্ৰেছে ৷
লগতে পঢ়ক:Assam Cabinet meeting: হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ১০০ তম কেবিনেট সফলতাৰ দলিল; লক্ষ্য কোঁৱৰ