মৰাণ 25মাৰ্চ : বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছৰ আতংক। কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গাঁৱে গাঁৱে সজাগতা ৷ অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠন প্ৰতিষ্ঠানে, ব্যক্তি-বিশেষে। মৰাণ ধেমেচি কলালোৰ কোচ গাওঁ অৰুণোদয় সংঘ,চিলিচিলি মিৰি গাঁওৰক্ষী বাহিনী আৰু কলালোৰ কোঁচগাঁও গাওঁৰক্ষী বাহিনীৰ উদ্যোগত আজি দুপৰীয়া অঞ্চলটোৰ প্ৰায় ২৯২ টা পৰিয়ালক ঘৰে ঘৰে গৈ দুটুকুৰাকৈ ডেটল চাবোন বিতৰণ কৰে।
মৰাণৰ ধেমেচিত কৰ'ণাৰ বিৰুদ্ধে সজাগতা - social awerrnes porgame
কৰ’ণাৰ সজাগতা সৃষ্টি মৰাণত ৷ ধেমেচি গাঁৱৰ কোচ গাঁও ৰাইজে ঘৰে ঘৰে গৈ ডেটল চাবোন বিতৰণ ৷ আৰু কৰ’ণা পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাৰ বিষয়ে অৱগত কৰে ৰাইৰক ৷
মৰাণৰ ধেমেচিত কৰ'ণাৰ বিৰুদ্ধে সজাগতা
চিলিচিলি মিৰি গাওঁৰক্ষী বাহিনীৰ সভাপতি খগেন চৌধুৰী,চেপন মৌজাৰ মৌজাদাৰ পদ্মধৰ দত্ত,সমাজকৰ্মী জোন ভূঞা,অৰুণোদয় সংঘৰ প্ৰাক্তন সভাপতি বিমান শইকীয়াকে ধৰি কেইবাগৰাকী সদস্যই কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি তাকেই ৰাইজক সজাগ কৰে।
লগতে পঢক :অন্তিমখন ৰেল উপস্থিত হ'ল গুৱাহাটীত