মৰাণ,৭ আগষ্ট :ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে । কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ।
ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি একাংশ দুষ্টচক্ৰই কাঠৰ চোৰাং বেহা অব্যাহত ৰাখিছে (Smuggling of wood by waterways in Dibrugarh)। কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বন বিভাগে । দীৰ্ঘদিনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকুয়েদি বন বিভাগৰ চকুত ধূলি দি এচাম অসাধু চক্ৰই অবৈধভাৱে মূল্যৱান কাঠৰ কুণ্ডাৰ ৰমৰমীয়া বেহা চলাই গৈছে । কিন্তু পৰিতাপৰ বিষয় যে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে ।