মৰাণ,7 জুন:আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস ৷ সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল জীৱনৰ চিৰসেউজ বহু গীত আৰু বহু কবিতা ৷ চতুৰ্থখন অসমীয়া বোলছবি 'ৰূপহী'ৰো স্ৰষ্টা আছিল গীতিকবি গৰাকী ৷ ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰৰ এটি সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা এই গৰাকী কবিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি কাল সোণাৰিতে কটাইছিল ৷ সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত থাকিয়েই নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি,থলুৱা সুৰ প্ৰয়োগেৰে ৰচনা কৰিছিল চিৰসেউজ গীত আৰু কবিতা সমূহ ৷ গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল, মায়াপী, মৌ টোকাৰী, ভঙা টোকাৰীৰ সুৰ, খেল ভঙাৰ খেল আদি পুথিৰ স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই লখিমী আৰু সোণৰ সোলেং নামৰ দুখন নাটৰো ৰচনা কৰিছিল ৷
এটি কলি দুটি পাতেৰে ভৰপুৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই । ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত-কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াৰ আন এক অনুপম সৃষ্টি হ'ল "জোনাকী মেল"। জোনাকীৰ পোহৰেৰে জগত পোহৰ কৰাৰ সপোন দেখিছিল গীতিকবি গৰাকীয়ে। তেওঁৰ দুজন বন্ধু সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই আৰু শশীচন্দ্ৰ বৰবৰুৱাক লগত লৈ যোৰহাটৰ সৰুচৰাই চাহ বাগিচাত ডেকা কালতেই কোনোবা এটি শাৰদী সন্ধিয়াত আৰম্ভ কৰিছিল জোনাকী মেলৰ ৷ আনুষ্ঠানিকতাৰ বিপৰীতে অনানুষ্ঠানিক ভাবে গীত-কবিতা, কথাৰে সজোৱা "জোনাকী মেল" গীতিকবিৰ অমৰ সৃষ্টি।