অসম

assam

ETV Bharat / state

কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল - চৰকাৰৰ নীতি নিৰ্দেশনা

আংশিক লকডাউনত এক প্ৰকাৰ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ৷ কোনো মতে দুবেলা দুমুঠি খাই জীয়াই থকা টিংখাঙৰ ৰাজগড় আৰু নিলমণীৰ গাঁৱৰ বাঁহ শিল্পৰে পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া গভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷

Small traders hit by partial lockdown
কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল

By

Published : May 21, 2021, 10:35 AM IST

টিংখাং, 21মে':ক'ভিড প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনত এক প্ৰকাৰ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল ৷ কোনো মতে দুবেলা দুমুঠি খাই জীয়াই থকা লোকসকলৰ বাবে কৰ'ণাই কঢ়িয়াই আনিছে অমানিশা ৷

কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল

চৰকাৰৰ এই সিদ্ধান্তত শংকটত পৰিছে ৰাজ্যৰ বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ লগতে টিংখাঙৰ ৰাজগড় আৰু নিলমণীৰ গাঁৱৰ বাঁহ শিল্পৰে পৰিয়াল পোহপাল দিয়া লোকসকল ৷ বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ কৰি বজাৰত বিক্ৰী পোৱা টকাৰে কোনো মতে পৰিয়াল চলোৱা লোক সকলে চৰকাৰৰ নীতি নিৰ্দেশনাত এতিয়া দিনৰ 11 বজাতে বন্ধ কৰিবলগীয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠান ৷

যাৰফলত এক প্ৰকাৰ ধন উপাৰ্জনৰ সকলো পথেই বন্ধ হৈ পৰিছে এই সকললোকৰ ৷ চৰকাৰৰ পৰা লাভ কৰা সুলভ মূল‍্যৰ চাউল কেইটাৰে দুবেলা দুসাঁজ খাই চলি থকা পৰিয়ালসমূহে সম্প্ৰতি গভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক:আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?

ABOUT THE AUTHOR

...view details