অসম

assam

ETV Bharat / state

চৰকাৰে ভাবিবনে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা ? - চাহ উদ্যোগ

ক’ভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ সৰ্বসাধাৰণৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰাৰ সমান্তৰালকৈ হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈ নামি আহিছে ব্যাপক দুৰ্যোগ । বহু কষ্ট কৰি উৎপাদন কৰা খেতিয়কৰ কেঁচা পাতৰ এতিয়া মূল্য একেবাৰে নাই ডিব্ৰুগড়ত ।

bad-condition-of-assam-small-tea-farmers-etv-bharat-assam
চৰকাৰে ভাবিবনে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা ?

By

Published : Aug 7, 2021, 10:05 PM IST

মৰাণ, 7 আগষ্ট :যি সময়ত ৰাজ্যৰ চাহে বিশ্বৰ বজাৰত সবাতোকৈ প্ৰাধান্য লাভ কৰি আছে সেই সময়ত কিন্তু চাহ খেতিয়ক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এফালে ক’ভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ সৰ্বসাধাৰণৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰাৰ সমান্তৰলকৈ হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈ নামি আহিছে ব্যাপক দুৰ্যোগ ।

বহু কষ্ট কৰি উৎপাদন কৰা খেতিয়কৰ কেঁচা পাতৰ এতিয়া মূল্য একেবাৰে নাই ডিব্ৰুগড়ত । ডিব্ৰুগড়ত এতিয়া ভিন্ন ফেক্টৰীত কেঁচা চাহপাতৰ মূল্যও ভিন্ন । উচিত মূল্য নাপাই খেতিয়ক সকলে পেলাই দিব লগীয়া অৱস্থা হৈছে কেঁচা পাত ।

চৰকাৰে ভাবিবনে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা ?

যি সময়ত ডিব্ৰুগড়ৰ চাহপাতে এক বিশেষ নাম দখল কৰি আছে তেনে সময়তে ডিব্ৰুগড়ত ধ্বংসৰ দিশে গতি কৰিছে ক্ষুদ্ৰ চাহ উদ্যোগসমূহ । এই লৈ যেন সদিচ্ছাৰ অভাৱ চৰকাৰৰ ।

প্ৰতিবাদ কৰিও চৰকাৰৰ পৰা কোনো ধৰণৰ সহানুভূতি লাভ কৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । চৰকাৰক বিষয়টোক গুৰুত্ব সহকাৰে ল’বৰ বাবে আহ্বান জনাইছে এই সকল চাহ খেতিয়কে । নহ'লে ৰাজ্যৰ এই বৃহৎ উদ্যোগটো এনেদৰেই নিঃশেষ হোৱাৰ দিশত গতি কৰিব বুলি মন্তব্য আগবঢ়ায় চাহ খেতিয়ক সকলে ।

লগতে পঢ়ক:মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ

ABOUT THE AUTHOR

...view details