ডিব্ৰুগড়, 14 ফেব্ৰুৱাৰীঃ অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ৷ ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ অধীনত দেশৰ সাতখন ৰাজ্যত অতিশীঘ্ৰে মুকলি কৰা হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ৰ্শীষক এক বিশেষ আঁচনি ৷ এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ ডিব্ৰুগড়ত ইণ্ডিয়ান চেম্বাৰ্চ অৱ কৰ্মাচৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ সহযোগত খাদ্য সংসাধন খণ্ডৰ বিকাশ সাধনৰ সম্ভাৱনীয়তা সন্দৰ্ভত অনুষ্ঠিত হোৱাৰ এক বিশেষ অনুষ্ঠানত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী - খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয় বাতৰি
ভাৰত চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ অধীনত দেশৰ সাতখন ৰাজ্যত অতিশীঘ্ৰে মুকলি কৰা হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ ৰ্শীষক এক বিশেষ আঁচনি ৷ এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷

অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগঃৰামেশ্বৰ তেলী
অসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগঃৰামেশ্বৰ তেলী
উল্লেখ্য যে, উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে খাদ্য সংসাধন ক্ষেত্ৰৰ বিকাশৰ সৈতে জড়িত বিভিন্ন দিশ,খাদ্য সংসাধনৰ শেহতীয়া প্ৰযুক্তি,গুণগত মান, খাদ্য উৎপাদন,খাদ্য প্ৰস্তুতিকৰণ প্ৰণালী, কাৰিকৰী শিক্ষা,খাদ্য পেকেজিং, ইন্টাৰনেট সংযোগ আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত বক্তব্য ৰাখে ৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ে উত্তৰ-পূৱত থকা সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগ খণ্ডৰ সৈতে জড়িত লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷