অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ জনগোষ্ঠীয় ঐক্য মঞ্চৰ - ETV BHARAT

শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত সকলোৰে ওপৰত আস্থা হেৰুৱাই পেলাইছে জনগোষ্ঠীয় ঐক্য মঞ্চই ।

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ

By

Published : Mar 13, 2019, 8:35 PM IST

ডিব্ৰুগড়, ১৩ মাৰ্চঃ নতুন দিল্লীত কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ৷ বুধবাৰে ডিব্ৰুগড়ত সংগঠনটোৰ কেইবাগৰাকীও নেতাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰে ৷

বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ ভৱিষ্যৎ কতোৱেই সুৰক্ষিত নহয় ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ কৰ্মকৰ্তাৰ ৷ বুধবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ জনজাতিকৰণৰ সমগ্ৰ বিষয়টো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি প্ৰত্যেকটো ৰাজনৈতিক দলেই এইদৰে প্ৰতাৰণা কৰি আহিছে ৰাজ্যৰ ছয়টাকৈ জনগোষ্ঠীক ৷

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ

দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিচত যিদৰে কংগ্ৰেছ দলটোৰ অধ্যক্ষগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তাৰ ওপৰতো আস্থা নাই বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷ বিজেপিৰ পূৰ্বে বিগত ১৫ বছৰীয়া কাৰ্যকালত কংগ্ৰেছ দলটোৱে সমগ্ৰ বিষয়টো সন্দৰ্ভত কোনো গুৰুত্বই প্ৰদান নকৰিলে ৷ তেনে পৰিস্থিতিত বিজেপি দলেও একেই পদ্ধতি অনুসৰণ কৰি আহিছে বুলি কয় সংগঠনটোৰ নেতৃত্বই ৷ অৱশ্যে ৰাজনৈতিক দলসমূহৰ চৰিত্ৰই এনেকুৱা বুলি উল্লেখ কৰি নিজৰ প্ৰাপ্য নিজেই আদায় কৰিব লাগিব বুলি প্ৰকাশ কৰে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ নেতৃত্বই ৷

ABOUT THE AUTHOR

...view details