অসম

assam

মৰাণত কেবৰ প্ৰতিবাদত অংশ কণ্ঠশিল্পী নীল আকাশৰ

By

Published : Dec 10, 2019, 8:59 AM IST

Updated : Dec 10, 2019, 11:18 AM IST

মৰাণত ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ৷ কণ্ঠশিল্পী নীল আকাশে অংশগ্ৰহণ কৰে প্ৰতিবাদত ৷

protest against cab at moran
মৰাণত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মৰাণ, 10 ডিচেম্বৰ :সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত মৰাণত সদৌ অসম চুতীয়া ছাত্ৰ-সন্থাৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদত অংশ লয় কণ্ঠশিল্পী নীল আকাশে‌ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰাণত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

পুৱাই মৰাণত চুতীয়া ছাত্ৰ-সন্থাৰ আহ্বানত বিভিন্ন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই মৰাণহাট ৰে'ল ষ্টেচনত এখন উজনিমুৱা আৰু এখন নামনিমুৱা ৰে'ল অৱৰোধ কৰে । ইপিনে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমুহে মৰাণ আৰু মাহমৰাৰ বিধায়ক চক্ৰধৰ গগৈ আৰু যোগেন মহনৰ মৰাণৰ বাসগৃহ ঘেৰাও কৰে ৷ উল্লেখ্য যে, প্ৰতিবাদীসকলে মাহমৰাৰ বিধায়ক যোগেন মহনৰ বাসগৃহ ঘেৰাও কৰাৰ সময়তে আৰক্ষী প্ৰশাসনৰ সহায়ত পলায়ন কৰে বিধায়কজনে ৷ বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷

আৰু পঢ়ক :CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

Last Updated : Dec 10, 2019, 11:18 AM IST

ABOUT THE AUTHOR

...view details