অসম

assam

By

Published : Apr 10, 2022, 10:10 PM IST

ETV Bharat / state

ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

ব’হাগৰ দুদিন আগৰ পৰা আৰম্ভ কৰি ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাবলৈ ইতিমধ্যে সাজু হৈছে কণ্ঠশিল্পী নীল আকাশ (Singer Neel Akash ready for bihu programme) ৷ বৰ্তমান আখৰাস্থলীত ব্যস্ত হৈ পৰিছে নীল আকাশৰ লগতে তেওঁৰ কলা কুশলী সকলো ৷

ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে
ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

মৰাণ, 10 এপ্ৰিল :বাপতি সাহোন বিহুটিক আদৰিবলৈ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । ঢোল–পেঁপাৰ শব্দত ৰজন জনাইছে ৰাজ্যৰ প্ৰতিটো চুক-কোণ (Rangali Bihu celebration)। ইয়াৰ লগে লগেই বিহু মঞ্চৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পী তথা কলা কুশলী সকলো ।

মৰাণত আখৰাস্থলীত এতিয়া ব্যস্ত হৈ পৰিছে নীল আকাশৰ লগতে কলা কুশলীসকল (Singer Neel Akash ready for bihu program) । বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ পাচত পুনৰ মঞ্চ কঁপাবলৈ প্ৰস্তুতি চলাইছে নীল আকাশ আৰু তেওঁৰ সংগীসকল । জানিব পৰামতে, ব’হাগৰ দুদিনৰ আগৰ পৰাই বিহুৰ অনুষ্ঠান আৰম্ভ হ'ব জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ ।

ব’হাগৰ শেষৰ লৈকে বিহু মঞ্চ কঁপাব নীল আকাশে

যাৰ বাবে ন-পুৰণি বহু গীত লৈ বিহু মঞ্চৰ বাবে সাজু হৈছে নীল আকাশ । ব’হাগৰ দুদিন আগৰ পৰা বহাগ শেষ হোৱালৈকে বিহু অনুষ্ঠান আছে শিল্পী গৰাকীৰ ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ।

ইপিনে, মূল্যবৃদ্ধিক লৈও সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰে কণ্ঠশিল্পী নীল আকাশে । লগতে চৰকাৰে বিহু সমিতিক আৰ্থিক সাহাৰ্য প্ৰদান কৰা কাৰ্যৰো শলাগ লয় কণ্ঠশিল্পী গৰাকীয়ে ৷ কেৱল বিহু সমিটিসমূহকে নহয়, সংগীত জগতৰ লগত জড়িত থকা কলা-কুশলী সকলকো চৰকাৰে সাহাৰ্য প্ৰদান কৰিব লাগে বুলি আহ্বান জনাই শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক :Rangali Bihu Celebration: আখৰাত ব্যস্ত কুসুম কৈলাস

ABOUT THE AUTHOR

...view details