অসম

assam

ETV Bharat / state

কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা - কণ্ঠশিল্পী দেৱজিত বৰা

চলা ভিলেজ কনজাৰভেছন ছ'চাইটিৰ তৃতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য অভয়াৰণ্যখনৰ মাজত অনুষ্ঠিত হয় । অনুষ্ঠানত চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ আনুষ্ঠানিকভাৱে কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰে ৷

Singer Devajit Borah
কণ্ঠশিল্পী দেৱজিত বৰা

By

Published : Oct 21, 2021, 12:40 PM IST

Updated : Oct 21, 2021, 1:46 PM IST

মৰাণ, 21 অক্টোবৰ :জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছেদৰ ঘোষণা কৰিছে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন ছ'চাইটিয়ে ৷ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত সমিতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা ৷

চৰাইদেউ জিলাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ'ল চলা সংৰক্ষিত বনাঞ্চল । এই বনাঞ্চলখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত চলাপথাৰ শ্যাম গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । বিভিন্ন ঔষধি তথা বিলুপ্তপ্ৰায় গছ-বনেৰে ভৰপূৰ বনাঞ্চলখনক সংৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীত গাঁৱখনৰ ৰাইজে "চলা গ্ৰাম্য অভয়াৰণ্য" নামেৰে নামাকৰণ কৰে বনাঞ্চলখনক ।

কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে "চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন ছ'চাইটি" গঠন কৰি গ্ৰাম্য অভয়াৰণ্যখন সংৰক্ষণৰ বাবে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে । আনহাতে, ৬৩৮ হেক্টৰ মাটিকালিৰে আৱৰি থকা এই গ্ৰাম্য অভয়াৰণ্যখনত অসম চৰকাৰৰ বন বিভাগে মাত্ৰ চাৰিগৰাকী লোকক নিয়োজিত কৰাৰ পৰিপ্ৰেক্ষিতত চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন ছ'চাইটিৰ দ্বাৰা নৈশ পহৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হয় ।

এই চলা ভিলেজ কনজৰাভেছন ছ'চাইটিৰ তৃতীয় বৰ্ষপূৰ্তি বুধবাৰে গ্ৰাম্য অভয়াৰণ্যখনত পালন কৰা হয় । সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ লগতে ফটোগ্ৰাফী আদি অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত বৰাৰ নাম অভয়াৰণ্যখনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰে সমিতিয়ে ।

লগতে পঢ়ক :28 অক্টোবৰৰ পৰা লখিমপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ

Last Updated : Oct 21, 2021, 1:46 PM IST

ABOUT THE AUTHOR

...view details