মৰাণ,20 অক্টোবৰ :প্ৰতিভা আৰু একাগ্ৰতা থাকিলে মানুহে যিকোনো সময়ত আৰু যিকোনো স্থানতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় ৷ তাৰেই এক উদাহৰণ দাঙি ধৰিছে মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ যুৱক সীমান্ত গগৈয়ে । মাতৃ দীপা গগৈ আৰু পিতৃ দুলাল গগৈৰ সুযোগ্য সন্তান সীমান্তই নতুন চিন্তাচৰ্চাৰে চিত্ৰজগতলৈ এক নতুনত্ব কঢ়িয়াই অনাৰ চেষ্টা চলাইছে । কৰ'ণাকালৰ লক-ডাউনৰ সময়খিনি সদব্যৱহাৰ কৰি ২০ জুনত ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চিৰ বহল এখন বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি জুইৰ শিখাৰে অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় যুৱকজনে ।
ইয়াৰ লগতে 'WORLD'S LARGEST ONLINE PAINTING COMPETITION' ত ড0 ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকণ কৰি বিশ্বৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় । সীমান্তই বিভিন্ন মাধ্যমৰ চিত্ৰ অংকন কৰা লগতে মুখা শিল্প,কণীৰ ওপৰত চিত্ৰ,শিলৰ ওপৰত চিত্ৰ অংকণ কৰি ৰাইজৰ পৰা বহু সমাদৰ লাভ কৰিছে ।