অসম

assam

ETV Bharat / state

জুইৰ শিখাৰ ধোঁৱাৰে চিত্ৰ অংকণ মৰাণৰ যুৱকৰ

মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশত লক্ ডাউন বলবৎ হোৱাৰ সময়তে বিভিন্নজনে লক ডাউনৰ সময়খিনি সৎ ব্যৱহাৰ কৰিবৰ বাবে বিভিন্ন কাম কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু লক ডাউনৰ সময়ত আসাম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মৰাণৰ এজন যুৱকে ৷ ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিত ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল জোখৰ এখন প্ৰতিচ্ছবি নিজস্ব পদ্ধতিৰে অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷

Simanta Gogoi achieved Assam book of record title
জুইৰ শিখাৰ ধোঁৱাৰে চিত্ৰ অংকণ মৰাণৰ যুৱকৰ

By

Published : Jul 15, 2020, 3:28 PM IST

মৰাণ, 15 জুলাই :মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশত লক ডাউন বলবৎ হোৱাৰ সময়তে বিভিন্নজনে লক ডাউনৰ সময়খিনি সৎ ব্যৱহাৰ কৰিবৰ বাবে বিভিন্ন কাম কৰা পৰিলক্ষিত হৈছে ৷ কোনোবাজনে যদি ছবি আঁকিছে কোনোবাজনে আকৌ নৃত্য-গীতৰ মাজৰে সময় অতিবাহিত কৰিছে ৷ আন কোনোবাই আকৌ ৰন্ধন প্ৰণালীৰ জৰিয়তে সময় অতিবাহিত কৰা দেখা পোৱা গৈছে ৷

জুইৰ শিখাৰ ধোঁৱাৰে চিত্ৰ অংকন মৰাণৰ যুৱকৰ

কিন্তু লক ডাউনৰ সময়ত আসাম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মৰাণৰ এজন যুৱকে ৷ ২০ জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথিত ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল জোখৰ এখন প্ৰতিচ্ছবি নিজস্ব পদ্ধতিৰে অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷ মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ১৮ বছৰীয়া এই যুৱকজনে জুইৰ শিখাৰ ধোঁৱাৰ এক বিশেষ পদ্ধতিৰে প্ৰতিচ্ছবি অংকণ কৰি শিল্পীৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ লগতে,যুৱকজনে মুখা শিল্প,শিলৰ ওপৰত বিভিন্ন চিত্ৰ অংকন কৰি সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে ৷

জুইৰ শিখাৰ ধোঁৱাৰে চিত্ৰ অংকণ মৰাণৰ যুৱকৰ

উল্লেখযোগ্য যে,পিতৃ দুলাল গগৈ আৰু মাতৃ দীপা গগৈৰ পুত্ৰ সীমান্ত গগৈয়ে প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাৰ পৰাই বিভিন্ন ধৰণৰ চিত্ৰ অংকণ কৰি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান মৰাণ ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত 'Rainbow Art'ৰ চিত্ৰকলাৰ ডিপ্লমা পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ সীমান্ত গগৈ বিশ্ব ৰেকৰ্ডছৰ বাবে প্ৰস্তুতিত ব্যস্ত ৷ বিশ্বৰ এই জটিল ক্ষণত সৃষ্টিশীল সাধনাৰে সফলতাৰ জখলাত আৰোহণ কৰিবলৈ সক্ষম হোৱা সীমান্ত গগৈৰ কৃতিত্বত পৰিয়ালৰ লগতে মৰাণবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক

ABOUT THE AUTHOR

...view details