অসম

assam

ৰাসায়নিক সাৰৰ বিৰুদ্ধে নীৰৱ সংগ্ৰাম

By

Published : Jun 26, 2021, 8:09 PM IST

পেলনীয়া সামগ্ৰী বুটলি আনি জৈৱিক সাৰ প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে ডিব্ৰুগড় নখাটৰ নবীন চাংমাই ৷ বিগত ১১ বছৰ ধৰি এই প্ৰকল্পৰ জৰিয়তে নিজৰ লগতে আন কেইবাটাও পৰিয়ালক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সংস্থাপন দিবলৈ সক্ষম হৈছে ।

fight-against-chemical-fertilizers
ৰাসায়নিক সাৰৰ বিৰুদ্ধে নিৰৱ সংগ্ৰাম

মৰাণ, 26 জুন :প্ৰতিজন ব্য়ক্তিয়ে জীয়াই থকাৰ বাবে এটা নিৰ্দিষ্ট জীৱিকাৰ পথ বাচি লয় ৷ বৰ্তমান সময়ত চৰকাৰী চাকৰিৰ বাবে বহুতেই হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে ৷ এই সময়তো বিভিন্ন জনে আকৌ নিজেই স্বাৱলম্বী হোৱাৰ পথ মোকলাই লৈছে ৷ কোনোৱে যদি নাৰ্চাৰী প্ৰস্তুত কৰি উপাৰ্জনৰ পথ বাছি লৈছে, কোনোৱে আকৌ ড্ৰেগন ফলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ফল, শাক-পাচলিৰ খেতিৰে উপাৰ্জনৰ পথ বাছি লৈছে ৷

ৰাসায়নিক সাৰ প্ৰয়োগ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জনা যায় ৷ কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগৰ অবিহনে আমি কৃষি কৰ্ম কৰিব নোৱাৰো । কাৰণ আমাৰ হাতত ৰাসায়নিক সাৰৰ বিকল্পৰ মাধ্যম নাই ।

কিন্তু ইয়াৰ মাজতে কৃষকৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ এজন ব্যক্তিয়ে ।

ৰাসায়নিক সাৰৰ বিৰুদ্ধে নীৰৱ সংগ্ৰাম

পানী মেটেকা, জাবৰ-জোঁথৰ, পেলনীয়া সামগ্ৰী বুটলি আনি জৈৱিক সাৰ প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে ডিব্ৰুগড় জিলাৰ নখাটৰ নবীন চাংমাই । নবীন চাংমাইৰ নিজৰ ঘৰতেই বৃহৎ আকাৰত জৈৱিক সাৰ প্ৰস্তুত কৰা এটা প্ৰকল্প স্থাপন কৰি ৰাসায়নিক সাৰৰ বিৰুদ্ধে নীৰৱে সংগ্ৰাম অব্যাহত ৰাখিছে । নবীন চাংমাইৰ এই প্ৰকল্পৰ জৰিয়তে স্বচ্ছ ভাৰত অভিযান মিছনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰি আহিছে । জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা জাবৰ-জোঁথৰ, পেলনীয়া সামগ্ৰী পথৰ কাষৰ পৰা বুটলি আনি এই সাৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰিছে ।

সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ডিব্ৰুগড় জিলাৰ ভিতৰতে বৃহৎ কেঁচুসাৰ উৎপাদন কৰা চাংমাইৰ এই প্ৰকল্পৰ পৰা উৎপাদিত জৈৱিক সাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচললৈ ৰপ্তানি কৰে । বিগত ১১ বছৰ ধৰি এই প্ৰকল্পৰ জৰিয়তে নিজৰ লগতে আন কেইবাটাও পৰিয়ালক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সংস্থাপন দিবলৈও সক্ষম হৈছে । বছৰি এই কেঁচুসাৰ বিক্ৰী কৰি নবীন চাংমাইয়ে লাভ কৰিছে লক্ষাধিক টকা । নবীন চাংমাই এতিয়া নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক:প্ৰকৃতি সংৰক্ষণৰ পণ লোৱা এদল সদাজাগ্ৰত প্ৰহৰী

ABOUT THE AUTHOR

...view details