টিংখাং, 29 ডিচেম্বৰঃচাওঁতে চাওঁতে এটা বছৰে মেলানি মাগিলে ৷ অলেখ অশুভৰ মাজতে অনেক প্ৰেৰণাদায়ক স্মৃতিও বছৰটোৱে এৰি যায় ভৱিষ্যতৰ বাবে । এনেকৈয়ে ইংৰাজী নৱবৰ্ষ 2019ৰ কাউন্ট ডাউন ইতিমধ্যে আৰম্ভ হৈছে।
ৰাজ্যৰ বনভোজস্থলীত নাই আনন্দ উৎসাহঃ নিজম টিংখাঙৰ শৰেঘাট - সংশোধিত নাগৰিকত্ব আইন
বহু সুখ-দুখ হাঁহি-কান্দোনৰ মাজেৰে অতীতৰ বুকুত সোমাই পৰিল 2019৷ বছৰটো পুৰণি হৈ পৰিল অনেক ভাল-বেয়া ক্ৰতি বিচ্যুতিৰ কথা । 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ আজি অন্তিমটো দেওবাৰ । কিন্তু নতুন বছৰক আদৰাৰ যেন আনন্দ নাই ৰাইজৰ মনত ৷
এটি নতুন বছৰ সমাগত । মাত্ৰ দুটা দিনৰ পাচত নতুন বছৰে ভুমুকি মাৰিবহি ৷ পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়ছোৱাত জনসাধাৰণৰ মন উৎকণ্ঠা, আনন্দ, উল্লাসেৰে ভৰি পৰে । বিদায়ক্ষণত এইবাৰ যেন নিমাও মাও পৰিৱেশ সকলো বনভোজস্থলীত । পূৰ্বে টিংখাঙৰ শৰেঘাট দলঙৰ বুঢ়ীদিহিঙৰ বালিচত বনভোজৰ দলে ভিৰ কৰিছিলহি । এইবেলি কিন্তু বনভোজস্থলী সমূহত দেখিবলৈ পোৱা নাই ভিৰ । প্ৰাকৃতিক পৰিৱেশৰ মাজত দুই এটা বনভোজৰ দলৰ বাহিৰে কোনো বনভোজৰ দলে মাছ-মঙহৰ লগতে বিভিন্ন ব্যঞ্জনৰে জুতি লোৱা পৰিলক্ষিত হোৱা নাই । বৰ্তমান সংশোধিত নাগৰিকত্ব আইনক লৈ উত্তাল সমগ্ৰ ৰাজ্য। সেয়ে নতুন বছৰক আদৰিবলৈ কেইটামান মুহূৰ্ত থকাৰ সময়তো ৰাজ্যৰ জাতীয় দল-সংগঠনৰ লগতে প্ৰতিজন লোক এতিয়া ব্যস্ত CAA বিৰোধী আন্দোলনত।
লগতে পঢ়ক - নাহৰকটীয়াৰ নামফাকেত অনিৰ্দিষ্ট কাললৈ বন্ধ বনভোজস্থলী