মৰাণ, 9 জুলাই : আৰক্ষী থানা নহয়, এইবাৰ আৰক্ষী বিষয়াৰ ঠিকনা হ’ল চুলাই ভাটি ৷ চুলাই ভাটিৰ বিচনাত সুখনিদ্ৰাত আৰক্ষীৰ উপ পৰিদৰ্শক । কিন্তু দিন বেয়া আছিল আৰক্ষী বিষয়াগৰাকীৰ ৷ কাৰণ এই সমগ্ৰ দৃশ্য বন্দী হ’ল ম’বাইলৰ কেমেৰাত আৰু তাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তত(Assam Arunachal Border) থকা এটা অতি স্পৰ্শকাতৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ কৰ্তব্য এৰি চুলাই ভাটিৰ গৰাকীৰ ঘৰৰ বিচনাত নিদ্ৰাত মগ্ন আৰক্ষী বিষয়াগৰাকী হৈছে পানজু বৰুৱা । চৰাইপুং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ।
এতিয়া প্ৰশ্ন হয় বিয়াগোম আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি গঢ় লৈ উঠা অসামাজিক অবৈধ চুলাই মদ বিক্ৰী চক্ৰৰ লগত মধুৰ সম্পৰ্ক ৰাখে নেকি কিছু আৰক্ষীয়ে ? নে চুলাই বেপাৰীৰ পৰা মোটা অংকৰ ধন লৈ ফ্ৰীতে চুলাই খাই বেপাৰীৰ বিচনাতে সুখ নিদ্ৰাত থাকে এনে আৰক্ষী ।