মৰাণ, 30 নৱেম্বৰ : কৰ’ণাসৃষ্ট পৰিস্থিতি ক্ৰমাৎ শাম কটাৰ লগে লগে অসমীয়া চলচ্চিত্ৰ উদ্যোগ(Assamese Film Industry)ৰ সমান্তৰালকৈ জনগোষ্ঠীয় চলচ্চিত্ৰ উদ্যোগলৈও আহিছে সু-খবৰ ৷ কোমল ভাইটি আৰু ৰেঙাম ৰাজেনৰ পৰিচালনাত নিৰ্মাণ হ’ব মিচিং ছবি ‘মাক্কৰাং’(Mising film Makkorang) ৷ এই সন্ধিক্ষণত দেওবাৰে ছবিখনৰ শুভ মহুৰত(Shubh muhurat of Makkorang) কাৰ্য সম্পন্ন হয় ৷
ডিব্ৰুগড়ৰ বগীবিল সমীপৰ হালধিবাৰী গাঁৱত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ শুভ মহুৰত কাৰ্যত ভাগ লয় মিচিং আৰ্টিষ্ট এছ’চিয়েশ্যনৰ সভাপতি তথা অভিনেতা বাবা দলেই । ক’ভিডৰ বাবে মিচিং কলা-কুশলীসকল যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ।
শেহতীয়াকৈ পৰিস্থিতি স্বাভাৱিক হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ছবি নিৰ্মাণৰ পৰিৱেশ ঘূৰি অহাৰ বাবে এই ছবিখনৰ কাম আগবঢ়োৱা বুলি সভাপতি তথা অভিনেতা বাবা দলেই সদৰি কৰে । আনহাতে, মিচিং অধ্যুষিত অঞ্চলত মিনি ছবিগৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সভাপতিগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং আৰ্টিষ্ট এছ’চিয়েশ্যন(Mising Artist Association)ৰ সম্পাদক ফিৰোজ পেগু, শক্তি টায়েঙকে ধৰি ছবিখনত জড়িত কলা-কুশলীসকল ।