অসম

assam

By

Published : Nov 24, 2020, 9:27 PM IST

ETV Bharat / state

মৰাণত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী নৱ কুমাৰ দলেৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে মৰাণ সমষ্টিৰ অন্তৰ্গত ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এক কাৰ্যসূচী গ্ৰহণ কৰা হয় । উক্ত কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷

shraddhanjali-to-ex-cm-tarun-gogoi-at-moran
মৰাণত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী নৱ কুমাৰ দলেৰ

মৰাণ, 24 নৱেম্বৰঃ অসমৰ ৰাজনৈতিক ইতিহাসত এক বৰ্ণিল অধ্যায় সূচনা কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে মৰাণ সমষ্টিৰ অন্তৰ্গত ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এক কাৰ্যসূচী গ্ৰহণ কৰা হয় । উক্ত কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকলকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ লগতে জেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে উপস্থিত ৷

মৰাণত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি

তদুপৰি বামুনবাৰী চাহ বাগিছাত অসম চাহ জনজাতি ছাত্র সন্থা বামুনবাৰী উপশাখা, বামুনবাৰী চাহ মজদুৰ সংঘ প্ৰাথমিক গোট আৰু শ্ৰমিক ৰাইজে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনায় ৷ ইয়াৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা(আগছু) ডিব্ৰুগড় জিলা সমিতিয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এটা যুগৰ ৰাজনৈতি অভিজ্ঞতাৰে অভিজ্ঞ তৰুণ গগৈক ।

লগতে পঢ়কঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰলৈ নিয়াৰ পথত LIVE

For All Latest Updates

ABOUT THE AUTHOR

...view details