মৰাণ, 21 এপ্ৰিল :ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । ক'ভিড প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে ৬ বজাৰ লগে লগে সকলো বজাৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ।
৬ বজাৰ লগে লগে বন্ধ হৈ পৰিছে মৰাণৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান - আক্ৰান্ত ৰোগী
চৰকাৰৰ নিৰ্দেশ মৰ্মে 6 বজাৰ লগে লগে বন্ধ হৈ পৰিল সমগ্ৰ দোকান পোহাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে মৰাণটো ক’ভিডে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ পাছতেই প্ৰশাসনৰ বিভিন্ন তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷
৬ বজাৰ লগে লগে বন্ধ হৈ পৰিছে মৰাণৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান
চৰকাৰে জাৰি কৰা এছ অ পি (SOP) অনুসৰি ৬ বজাৰ লগে লগেই প্ৰায় সকলো বজাৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰা পৰিলক্ষিত হয় ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো প্ৰতিদিনে ক'ভিড ৰোগী বৃদ্ধি পোৱাত মৰাণৰ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে । ক'ভিড প্ৰতিৰোধৰ বাবে মৰাণৰ প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে।
লগতে পঢ়ক:কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২২ জনলৈ বৃদ্ধি