অসম

assam

By

Published : May 13, 2021, 9:50 PM IST

ETV Bharat / state

ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ মৰাণ আৰক্ষী

বৃহস্পতিবাৰে পুৱা মৰাণৰ পদপথৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ১৫ দিনৰ বাবে বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে । তদুপৰি আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সদৰী কৰে আৰক্ষী বিষয়াই ।

shops-are-closed-on-1-o-clock-at-moran
ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মৰাণ আৰক্ষী

মৰাণ,13 মে’: ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নতুন নীতি-নিৰ্দেশনা বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে মৰাণ আৰক্ষী । দিনৰ ১ বজাৰ লগে লগেই মৰাণৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে । যিহেতু মৰাণত ভয়ানক ৰূপত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ সেয়ে ক'ভিড নীতি-নিয়ম পালনৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে মৰাণ আৰক্ষী ।

ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মৰাণ আৰক্ষী

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে পুৱা মৰাণৰ পদপথৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ১৫ দিনৰ বাবে বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে । তদুপৰি আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও সদৰী কৰে আৰক্ষী বিষয়াই ।

লগতে পঢ়ক: মাজুলীত ভাগিনৰ সৈতে এসাঁজ খালে মামা হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details