অসম

assam

ETV Bharat / state

Shilpi Divas 2023 : দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰৰ জন্মগৃহত উদযাপন শিল্পী দিৱস - অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ অন্যতম দলিল

প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ মৰসাহ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী (71st Silpi Divas) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰীতো আয়োজন কৰা হৈছে শিল্পী দিৱস । পুৱাৰে পৰাই ৰূপকোঁৱৰৰ গীতে-মাতে মুখৰিত হৈ পৰিল তামোলবাৰী চাহ বাগিচা (Shilpi Divas observes at Tamulbari) ৷

Shilpi Divas 2023
ৰূপকোঁৱৰৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী

By

Published : Jan 17, 2023, 5:11 PM IST

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস

ডিব্ৰুগড়, ১৭ জানুৱাৰী : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস (71st Silpi Divas) । অসমৰ জাতীয় জীৱনৰ মহান মণিষী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটি প্ৰতি বছৰে শিল্পী দিৱস হিচাবে উদযাপন কৰি অহা হৈছে (Assam observes Shilpi Divas)৷ ব্যতিক্ৰম নহয় এইবাৰো ৷ আজি অৰ্থাৎ ১৭ জানুৱাৰীৰ দিনা ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ তামোলবাৰীতো উদযাপন কৰা হয় শিল্পী দিৱস ।

ৰূপকোঁৱৰৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী

পুৱাৰ ভাগত তামোলবাৰীস্থিত বাসগৃহত শিল্পীজনাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত লাহোৱাল প্ৰেছ ক্লাৱৰ বিষয়-ববীয়াসকলৰ লগতে অঞ্চলটোৰ ৰাইজেও অংশগ্ৰহণ কৰে । ইয়াৰ পিচতে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন গীত-নৃত্য, গ্ৰন্থ উন্মোচন আদি কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয় ।

উল্লেখযোগ্য যে, অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত । জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমীয়া প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা ।

লগতে পঢ়ক :Shilpi Divas advertisement controversy : ৰূপকোঁৱৰৰ মৃত্যুদিনটোক জন্মদিন ৰূপে মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ অন্যতম দলিল জয়মতী বোলছবিৰ সমান্তৰালকৈ আগৰৱালা গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামীৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল । ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুবৰণ কৰা মহান শিল্পীগৰাকীক আজিও প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰে । এই বৰ্ষত ৰাজ্য চৰকাৰে মহান শিল্পীগৰাকীৰ নামত বহু কেইজন ৰাজ্যৰ বিশিষ্ট শিল্পীক জনাইছে সন্মান ।

ৰাজ্য চৰকাৰে এইবাৰ শিল্পী ৰাজেন গোঁহাই আৰু পখিলা লেকথেপীক ২০২৩ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰিছে (Shilpi award 2023) । বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰা হৈছে ২০২২ বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণী শৰ্মা বঁটা । লগতে বিশিষ্ট অভিনেতা অৰুণ নাথক ২০২২ বৰ্ষৰ সন্মানীয় ড৹ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰ বাবে নিৰ্বাচিত কৰিছে অসম চৰকাৰে ।

আনকি অসম অসম চৰকাৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক ২০২২ বৰ্ষৰ সন্মানীয় বিজু ফুকন বঁটা আৰু বিশিষ্ট লেখক মিলেশ্বৰ পাতৰক ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটাৰ বাবে নিৰ্বাচিত হৈছে । ইয়াৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ৫০ গৰাকী বিশিষ্ট ব্যক্তিলৈ শিল্পী পেঞ্চন আৰু অন্যান্য ১৫২ জন বিশিষ্ট ব্যক্তিলৈ বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰিছে।

লগতে পঢ়ক :Assam observes Shilpi Divas: বঙাইগাঁৱত শিল্পী দিৱস পালন

ABOUT THE AUTHOR

...view details