অসম

assam

ETV Bharat / state

CBSE exam result 2022: 100 শতাংশ উত্তীৰ্ণৰে অভিলেখ শিক্ষা ভেলী স্কুলৰ - ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭২ জন শিক্ষাৰ্থী

CBSE পৰীক্ষাত ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ সন্তোষজনক ফলাফলত উৎফুল্লিত স্কুল কৰ্তৃপক্ষ (CBSE Class 10th Result 2022) ৷ 100 শতাংশ উত্তীৰ্ণৰে অভিলেখ গঢ়িলে শিক্ষা ভেলী স্কুল ৷

Shiksha Valley School in Dibrugarh set a record of 100 percent pass in CBSC results
100 শতাংশ উত্তীৰ্ণৰে অভিলেখ শিক্ষা ভেলী স্কুলৰ

By

Published : Jul 24, 2022, 8:35 AM IST

মৰাণ, 24 জুলাই:শুকুৰবাৰে ঘোষণা হ’ল CBSE ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (CBSE exam result 2022)৷ CBSE ৰ পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ উৎকৃষ্ট ফলাফল প্ৰদৰ্শন (Shiksha Vally School in Dibrugarh)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSC) দশম শ্ৰেণীৰ ফলাফলত সন্তোষজনক প্ৰদৰ্শন বিদ্যালয়খনৰ ।

ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭২ জন শিক্ষাৰ্থী ৷ ৭২ জন শিক্ষাৰ্থীৰ ভিতৰত ৩৮ জন শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত, ২৫ জন শিক্ষাৰ্থীয়ে ৮০ শতাংশৰ পৰা ৮৯ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে ৯ জন শিক্ষাৰ্থীয়ে ৭০ শতাংশৰ পৰা ৭৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ।

100 শতাংশ উত্তীৰ্ণৰে অভিলেখ শিক্ষা ভেলী স্কুলৰ

ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ ছাত্ৰ শ্লোক আগৰৱালাই সৰ্বোচ্চ ৯৯.২০ শতাংশ নম্বৰ লাভ কৰি প্ৰথম স্থানত, মানৱী জৈনে 98.40 শতাংশ লাভ কৰি দ্বিতীয়, আয়ুমি বাৰুৱাই (98.20%) তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, দ্বিতীয়বাৰৰ বাবে দশম শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীণ হোৱা ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলখনে CBSE হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুয়োটা বৰ্ষতে দক্ষতা প্ৰদৰ্শন কৰি আহিছে ৷ লগতে অন্যান্য দিশতো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:CBSE 10th Results: 100 শতাংশ উত্তীৰ্ণৰে জিলিকিল তিলৈ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়

ABOUT THE AUTHOR

...view details