অসম

assam

By

Published : Apr 1, 2021, 8:14 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমৰ ভিতৰত কাৰ ছাঁ ?

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমত চাঞ্চল্যকৰ ঘটনা। ষ্ট্ৰং ৰোমত আৰ্বিভাৱ অদৃশ্য মানৱৰ। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত থকা ষ্ট্ৰং ৰোমৰ ভিতৰত চিচিটিভি কেমেৰাৰ মনিটৰত নিশাৰ ভাগত কোনো ব্যক্তি প্ৰবেশ কৰাৰ অভিযোগ।

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমৰ ভিতৰত কৰা ছাঁ ?
ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমৰ ভিতৰত কৰা ছাঁ ?

ডিব্ৰুগড়, 1 এপ্ৰিল : ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমত চাঞ্চল্যকৰ ঘটনা। ষ্ট্ৰং ৰুমত আৰ্বিভাৱ অদৃশ্য মানৱৰ। ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ ভিতৰত চিচিটিভি কেমেৰাৰ মনিটৰত নিশাৰ ভাগত কোনো ব্যক্তি প্ৰবেশ কৰাৰ অভিযোগ।

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰুমৰ ভিতৰত কাৰ ছাঁ ?

ষ্ট্ৰং ৰুমত লাহোৱাল সমষ্টিৰ EVM ৰখা কোঠাত ১১ নং কেমেৰাত কোনো ব্যক্তি প্ৰবেশ কৰাৰ দৃশ্য বন্দী হোৱাৰ অভিযোগ কংগ্ৰেছৰ। লাহোৱাল কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিছে অভিযোগ। যোৱা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত ডিব্ৰুগড় জিলাৰ বাবে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিছিল। বুধবাৰে নিশাৰ ভাগত হঠাৎ ষ্ট্ৰং ৰুমৰ ভিতৰত সংস্থাপিত চিচিটিভি কেমেৰাত মানুহ সদৃশ দৃশ্য দেখিবলৈ পোৱা পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ইতিমধ্যে কংগ্ৰেছে দাখিল কৰিছে অভিযোগ।

ইফালে অভিযোগ লাভৰ লগে লগেই ষ্ট্ৰং ৰুমত উপস্থিত হয় জিলা মুখ্য নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত পল্লৱ গোপাল ঝা। সংবাদ মাধ্যমৰ আগত ষ্ট্ৰং ৰুমত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা থকাৰ লগতে ৬ নং কেমেৰাটো সংস্থাপিত কোঠাটো EMV ৰ নহয়, অনান্য নথিপত্ৰহে ৰখা বুলি উল্লেখ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত তন্নকৈ তন্নকৈ সমগ্ৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ লগতে এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি মন্তব্য প্ৰকাশ কৰে জিলা মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক: জনতা ভৱনৰ পৰা পোনপটীয়া নিৰীক্ষণত ৫০ শতাংশ ভোটকেন্দ্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details