অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ক'ভিড নিয়ন্ত্ৰণৰ বাবে আৰম্ভ ছেৰ'লজিকেল চাৰ্ভে

দেহত ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ অৱস্থিতি নিৰ্ধাৰণৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত, জিলাখনত আৰম্ভ কৰা হয় ছেৰ'লজিকেল চাৰ্ভে ৷

ছেৰ'লজিকেল চাৰ্ভে
ছেৰ'লজিকেল চাৰ্ভে

By

Published : Dec 19, 2020, 8:43 PM IST

মৰাণ, 19 ডিচেম্বৰ:ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো স্তৰৰে লোকৰ দেহত, ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ অৱস্থিতি নিৰ্ধাৰণৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ কৰা হয় ছেৰ'লজিকেল চাৰ্ভে ৷

ছেৰ'লজিকেল চাৰ্ভে আৰম্ভ ডিব্ৰুগড়ত

উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আৰ্থিক সহযোগিতামৰ্মে চলি থকা সমীক্ষাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসনক ডিব্ৰুগড় জিলাৰ লাহোৱালস্থিত আই চি এম আৰ-আৰ এম আৰ চি, আৰু ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সহযোগিতা আগবঢ়াইছে ৷ সমীক্ষাটোৰ অধীনত ডিব্ৰুগড় জিলাৰ চহৰ আৰু গ্ৰামাঞ্চলৰ মুঠ ৬০ টা গোটৰ পৰা ১২০০ টা নমুনা সংগ্ৰহ কৰা হ'ব ৷

ডিব্ৰুগড়ত ক'ভিড নিয়ন্ত্ৰণৰ বাবে আৰম্ভ ছেৰ'লজিকেল চাৰ্ভে

লগতে পঢ়ক:ধেমাজিত 28 তম্ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন

ABOUT THE AUTHOR

...view details