অসম

assam

ETV Bharat / state

উদয়ন সংঘৰ উদ্যোগত মিৰিহোলাত চেনিটাইজেছন - মৰাণ দিখাৰী গাঁও পঞ্চায়ত

বৃহত্তৰ মৰাণ অঞ্চলত ক’ভিড আক্ৰান্তৰ সংখ্যা দুই সহস্ৰাধিকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিডক প্ৰতিহত কৰাৰ লগতে ইয়াৰ পৰা ৰক্ষা পাবলৈ এতিয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজেছন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ।

Senitization by Mirihula Udayan sangha at Moran
উদয়ন সংঘৰ উদ্যোগত মিৰিহোলাত চেনিটাইজেচন

By

Published : May 25, 2021, 2:20 PM IST

মৰাণ,25 মে’:সম্প্ৰতি ৰাজ্যত ক'ভিডে কালৰূপ ধাৰণ কৰিছে । সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপত থকা ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলতো ব্যাপকভাৱে পৰিলক্ষিত হৈছে ৷ বৃহত্তৰ অঞ্চলটোত সম্প্ৰতি ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰায় দুই সহস্ৰাধিকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে । আনহাতে, ইতিমধ্যে অঞ্চলটোত ক'ভিডত আক্ৰান্ত হৈ ১৯ জন লোকৰ মৃত্যু হৈছে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিডক প্ৰতিহত কৰাৰ লগতে ইয়াৰ পৰা ৰক্ষা পাবলৈ এতিয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত চেনিটাইজেছন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । মঙলবাৰে মৰাণৰ মিৰিহোলাত দিখাৰী গাঁও পঞ্চায়তৰ সহযোগত মিৰিহোলা উদয়ন সংঘই এক চেনিটাইজেছন কাৰ্যসূচী হাতত লয় ।

উল্লেখ্য যে, মঙলবাৰৰ এই চেনিটাইজেছন কাৰ্যসূচীত যুৱ সংঘৰ বিষয়-ববীয়াৰ লগতে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাই আৰু মৰাণ আঞ্চলিক সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ বিষয়ববীয়া গুণ বৰুৱাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ABOUT THE AUTHOR

...view details